বাংলাদেশৰ অভিনেত্ৰী পৰীমণিকলৈ কালিৰে পৰা বাংলাদেশৰ লগতে ভাৰততো চৰ্চা চলি আছে৷ অভিনেত্ৰীগৰাকী বাংলাদেশত যিমান জনপ্ৰিয় ঠিক সমানেই ভাৰতৰো বহু কেইখন ৰাজ্যত জনপ্ৰিয়৷ “ছেক্স বোম ” হিচাবে জনাজাত অভিনেত্ৰী পৰীমণিয়ে বছৰটোৰ শেষৰ দিনটোত তেওঁৰ স্বামী শ্বৰীফুল ৰাজৰ সৈতে পৃথক হোৱাৰ কথা ঘোষণা কৰিছিল।
এনে ঘোষণাৰ পিছতে পৰীমণিৰ বিচনাত তেজৰ দাগ পোৱাৰ কথাই নানান ৰহস্যৰ সৃষ্টি কৰিছে৷ সুস্থ অৱস্থাতে থকা অভিনেত্ৰীগৰাকীৰ বিচনাত ক’ৰ পৰা তেজ আহিল সেই বিষয়ত পৰীমণিয়ে একো কথাই প্ৰকাশ কৰা নাই যদিও আদি পুৱাই তেওঁ সামাজিক মাধ্যমত তেওঁৰ বিচনাত থকা তেজৰ দাগৰ ছবি আপলোড কৰে৷ এনে ছবি আপলোড কৰি অভিনেত্ৰীগৰাকীয়ে কি বিজাব বিচাৰিছে বাৰু?
শনিবাৰে পৰীমণিয়ে বাংলাদেশৰ সংবাদ মাধ্যমক কৈছিল যে তেওঁ তেওঁৰ স্বামী শ্বৰীফুল ৰাজৰ ঘৰ এৰি গৈছে। ইয়াৰ পিছতে পৰীমণিয়ে আপলোড কৰা ছবি খনত বিচনা চাদৰ, গাৰু সকলোতে তেজৰ দাগ থকা দেখা গৈছে৷
ৰাজৰ ঘৰৰ পৰা ওলাই যোৱাৰ কেইঘণ্টামানৰ পিছতে পৰীমণিয়েই ছবিখন ৰাজহুৱা কৰে৷ উল্লেখ্য ৰাজ আছিল পৰীমণিৰ পাঁচ ন্মৰ স্বামী৷ পৰীমণিয়ে আপলোড কৰা ছবি খন চাই বহুতে ধাৰণা কৰিছে যে স্বামী শ্বৰীফুল ৰাজে হয়তো পৰীমণিক অকথ্য নিৰ্যাতন চলাইছিল৷ যাৰ বাবে তেওঁৰ ৰক্তপাত হৈছিল৷ অৱশ্যে অভিনেত্ৰীগৰাকীয়েহে ভাঙিব পাৰিব বিচনাত তেজৰ দাগৰ ৰহস্য৷