তুলসী গছ ভুল দিশে লগালে-তুলসী শুকায় যোৱাৰ লগতে-আপোনাক দৰিদ্ৰতালৈ লৈ যায়

Join Telegram

( Basil trees planted in the wrong direction bring poverty ) তুলসীক কেৱল ধাৰ্মিক দৃষ্টিৰে মহত্বপূৰ্ণ মনা নহয় । তুলসীক বাস্তু শাস্ত্ৰ অনুসাৰেও বহুত গুৰুত্বপূৰ্ণ হয় । তুলসী যি ঠাইতে থাকে-তাৰ চাৰিওফালে পৰিৱেশক সকাৰত্মকতাৰে ভৰি তোলে । কোৱা হয়-তুলসী পুলি লগালে পজিটিভ শক্তি আহে । কিন্তু যত তুলসী সঠিক দিশে লগালে পজিটিভ শক্তি আহে-যদি তুলসী ভুল দিশে লগোৱা হয়-তেতিয়া আপোনাৰ সম্পূৰ্ণ পৰিয়ালক সংকটত পেলাব পাৰে । তুলসী ভুল দিশে লগালে-তুলসী শুকায় যোৱাৰ লগতে-আপোনাক দৰিদ্ৰতালৈ লৈ যায় ।

কোন দিশে তুলসী গছ লগাব নালাগে –

তুলসী ভুলতো দক্ষিণ দিশে লগাব নালাগে । দৰাচলতে এই দিশক বেয়া শক্তিৰ স্থান কোৱা হয় । আৰু এই দিশত তুলসী লগোৱাটো অশুভ মনা হয় । কোৱা হয়-দক্ষিণ দিশে তুলসী লগালে আপুনি বহু সমস্যাৰ সন্মুখীন হবলগীয়া হয় । এই দিশে তুলসী লগালে-মা লক্ষ্মী অসন্তষ্ট হয় । আৰু ব্যক্তিৰ ধনৰ অভাৱ হয় । সেইবাবে ভুলটো দক্ষিণ দিশে তুলসী লগাব নালাগে ।

এই দিশে তুলসী ৰোপণ কৰিব –

বাস্তু অনুসাৰে-তুলসী পূব বা উত্তৰ দিশে ৰোপণ কৰিব লাগে । কোৱা হয় যে-এই দিশ ধনৰ দেৱতা কুবেৰৰ লগত সম্বন্ধিত । সেইবাবে এই দিশে তুলসী ৰোপণ কৰাটো বহু শুভ । এই দিশৰ সম্বন্ধ দেৱী লক্ষ্মীৰ লগতো জড়িত । পূৰ্ৱ বা উত্তৰ দিশে তুলসী ৰোপণ কৰাটো উপযুক্ত দিশ । এই দিশে তুলসী ৰোপণ কৰিলে ঘৰত ধন আৰু সমৃদ্ধিৰ বাস হয় । আৰু পজিটিভ শক্তি আহে।কোৱা হয় যে-যি ঘৰত এই দিশে তুলসী থাকে-সেই ঘৰত সদায়ে মৰম চেনেহ-আৰু পজিটিভ শক্তি থাকে ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment