ভীম কলৰ ১৩টা আচৰিত পুষ্টিগুণ

WhatsApp Follow

ভীম কল অতি পুষ্টিকৰ আৰু ঔষধি গুণেৰে ভৰা ফল। ভীম কলৰ কলাখাৰ, কলপচলা, কলফুল, কল, কলৰ বাকলি, পাত, কাণ্ডৰ পৰা ওলোৱা পানী, শিপা আদি সকলো অংশই ঔষধি গুণেৰে ভৰপুৰ। অধিক পুষ্টি গুণেৰে ভৰা ভীম কলক শিশু খাদ্য হিচাবেও ব্যৱহাৰ কৰা হয়। ভীম কলত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট, আইৰণ, কেলছিয়াম, ফাইবাৰ, পটাছিয়াম, ভিটামিন আদি উপাদান থাকে।

পকা ভীম কল চৰ্বত কৰি খালে পেট ঠাণ্ডা কৰাৰ লগতে দেহৰ পুষ্টি সাধন কৰে। পিত্ত ৰোগীৰ বাবে কেঁচা ভীম কলৰ ৰস অতি উপকাৰী। গ্ৰহণী ৰোগত পকা ভীম কল গুটিৰে সৈতে খালে উপকৃত হয়। পকা ভীম কলৰ গুটি চেকি গাখীৰ, গুড়েৰে শিশুক খোৱালে স্বাস্থ্যৰ উন্নতি হোৱাৰ লগতে শৰীৰত শক্তি পায়।


আৰু পঢ়ক
>> গৰমৰ দিনত কিমান লিটাৰ পানী খাব লাগে ? কম খালে কি কি ক্ষতি হয় ?
>> চুলি পাতল হোৱাৰ ৫টা কাৰণ জানি লওক


গৰমত প্ৰস্ৰাৱৰ সমস্যা হ’লে পকা ভীম কল তিয়াই খচি সেই পানী খালে উপকৃত হয়। ভীম কলৰ শিপাৰ ৰস ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। শিশুৰ পয়া লগা সমস্যাত গৰু গাখীৰৰ লগত একেৰাহে কেইদিন মান পকা ভীম খোৱালে সুফল পোৱা যায়। শিশুক ভীম কলৰ গুটি আঁতৰাই অথবা খাদ্যত মিহলাই খুৱালে শিশুৱে অধিক পুষ্টি লাভ কৰে। শিশুৰ পৰা বৃদ্ধ লৈকে সকলোৰে বাবে ভীম কল এক সুষম আহাৰ।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Leave a Comment