৫ মিনিটত ৰূপৰ গহনা উজ্জ্বল কৰি লওক

WhatsApp Follow

( Brighten silver jewelry in 5 minutes ) ৰূপৰ গহনাক যুগ যুগ ধৰি মূল্য দিয়া হৈ আহিছে । শাৰীই হওক বা ছালৱাৰ কামীজেই হওক, ৰূপৰ গহনা সকলোৰে লগত ভালদৰে মিলি যায় । সোণৰ দাম বৃদ্ধিৰ লগে লগে ৰূপৰ গহনাবোৰৰ মূল্য দিনক দিনে বৃদ্ধি পাইছে । ৰূপৰ গহনাবোৰ ধুনীয়া দেখা যায় যদিও অলপ সময় ব্যৱহাৰ কৰাৰ পিছত বা এৰি যোৱাৰ পিছত সোনকালে ক’লা হ’বলৈ ধৰে । ক’লা গহনাবোৰ জিলিকিবলৈ দৌৰিব লাগে গহনা দোকানলৈ । কিন্তু ইচ্ছা কৰিলে ঘৰতে ৰূপৰ গহনা চাফা কৰিব পাৰিব মাত্ৰ ৪টা উপায়েৰে । লগতে কেইমিনিটমানৰ ভিতৰতে পুনৰ জিলিকি উঠিব গহনাবোৰ । কি কৰিব লাগে জানি লওক –

১) কাঁচৰ পাত্ৰ এটাত এলুমিনিয়াম ফয়েলৰ লাইন দিব লাগে । এই পাত্ৰটোত ৰূপৰ গহনা দিব । তাৰ পিছত ২ চামুচ বেকিং ছ’ডা গৰম পানীত খুব ভালদৰে মিহলাই ২ মিনিট ৰাখিব । পানী নিষ্কাশন কৰি শুকান কাপোৰেৰে গহনাবোৰ ভালদৰে মচি দিয়াৰ পিছত দেখিব যে ই ঝলমলীয়া হৈ পৰিছে ।

২) ৰূপৰ গহনাবোৰত কপাহী কাপোৰ বা ব্ৰাছত টুথপেষ্ট লগাই ১৫ মিনিট থৈ ধুই পেলাব লাগে । আগৰ দৰে গহনাবোৰ জিলিকি থকা দেখিব ।

৩) ৰূপৰ গহনাও হেয়াৰ কণ্ডিচনাৰেৰে চাফা কৰিব পাৰি । কণ্ডিচনাৰটো গহনাবোৰত ঘঁহি ১০ মিনিটৰ বাবে থৈ দিব । তাৰ পিছত পানীৰে ধুলে গহনাবোৰ জিলিকি উঠিব ।

৪) বেকিং ছ’ডাত আপেল চাইডাৰ ভিনেগাৰ মিহলাই তাত ৰূপৰ গহনা তিয়াই থওক । ৫ মিনিটৰ পিছত গহনাবোৰ আঁতৰাই ব্ৰাছেৰে পৰিষ্কাৰ কৰি ল’ব ।

1 thought on “৫ মিনিটত ৰূপৰ গহনা উজ্জ্বল কৰি লওক”

Leave a Comment