শাওণ মাহত এইসমূহ সামগ্ৰী ঘৰলৈ আনিলে ঘৰৰ সুখ-সমৃদ্ধি বাঢ়ে

Join Telegram

Bringing these items home during the month of Shaon increases the happiness and prosperity of the house

শাওণ মাহত ভগৱান শিৱৰ পূজা কৰাৰ বিশেষ মহত্ব আছে । শাওণৰ সোমবাৰে ভগৱান শিৱৰ পূজা কৰিলে-মনৰ কামনা পূৰ্ণ হয় । এই শুভ মুহুত্বত শিৱ লিংগত পানী, গাখীৰ, ধতুৰা, আদি অৰ্পণ কৰিলে সকলো দুখ-কষ্ট দূৰ হয় বুলি কোৱা হয় । জ্যোতিষীৰ মতে-শাওণ মাহত কিছুমান বিশেষ সামগ্ৰী ঘৰলৈ আনিলে ঘৰৰ সুখ-সমৃদ্ধি বাঢ়ে ।
শাওণ মাহত এই কেইপদ বস্তু ঘৰলৈ আনিলে-মহাদেৱ হয় প্ৰসন্ন ! সেই সামগ্ৰীসমূহ হৈছে –

১/ গংগাজল –
শাওণ মাহত গংগাজল ঘৰলৈ অনাটো অতি শুভ । গংগাজলেৰে মহাদেৱ আৰু শিৱলিংগৰ জলাভিষেক কৰা হয় । শাওণত গংগাজল ভগৱান শিৱক অৰ্পণ কৰি ঘৰত ৰখা হয় ।

২/ ৰুদ্ৰাক্ষ –
শাওণ মাহত ৰুদ্ৰাক্ষ ঘৰলৈ আনিব পাৰে । ঘৰত ৰুদ্ৰাক্ষ ৰাখিলে ধন-ধ্যান বৃদ্ধি হয় । জীৱনৰ সকলো সংকট দূৰ হয় আৰু ঘৰলৈ ইতিবাচক শক্তিৰ প্ৰভাৱ হয় ।

৩/ নাগ-নাগিনৰ জোৰা –
নাগ-নাগিনক ভগৱান শিৱৰ আভূষণ মনা হয় । শাওণত ৰুপৰ বা তামৰ নাগ-নাগিনৰ জোৰা ঘৰলৈ অনাটো অতি শুভ । ইয়াক ঘৰৰ মুখ্যদ্বাৰৰ দলত ৰাখিলে-ৰৈ থকা কাম সমাধান হয় আৰু ঘৰৰ পৰা নেতিবাচক শক্তি দূৰ হয় ।

৪/ ৰূপৰ বেলপাত –
বেলপাত অবিহনে ভগৱান শিৱৰ পূজা আধৰুৱা । শাওণ মাহত ৰূপৰ বেলপাত ভগৱান শিৱক অৰ্পণ কৰিব পাৰে । ৰূপৰ বেলপাত ঘৰৰ মন্দিৰত ৰাখিলে-জীৱনৰ সকলো সমস্যা দূৰ হয় আৰু আৰ্থিক স্থিতি শক্তিশালী হয় ।

৫/ ৰূপৰ বা তামৰ ত্ৰিশূল –
ত্ৰিশূল ভগৱান শিৱৰ অস্ত্ৰ । কোৱা হয় যে-যি ঘৰত ভগৱান শিৱৰ ত্ৰিশূল থাকে-সেই ঘৰত নেতিবাচক শক্তি নাথাকে । শাওণৰ প্ৰথম সোমবাৰে ৰূপৰ ত্ৰিশূল আনি মন্দিৰত ৰাখিব পাৰে । যদি আপুনি ৰূপৰ ত্ৰিশূল আনিব নোঁৱাৰে-তেতিয়া তামৰ ত্ৰিশূল আনিব পাৰে ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment