লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলাসকলৰ বাবে এক নতুন প্ৰকল্প, কিমান টকা পাব !

WhatsApp Follow

Centeral Govt Is Launching New Schemes For Women: ২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বছৰটোৰ সম্পূৰ্ণ বাজেট দাখিল কৰিবলৈ ওলাইছে। বাৰ্ষিক বাজেট প্ৰকাশৰ সময়ত কেন্দ্ৰীয় চৰকাৰে মহিলাৰ বাবে বৃহৎ আঁচনি ঘোষণা কৰিব পাৰে। মহিলা ভোটাৰক আকৰ্ষণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুন আঁচনি ঘোষণা কৰিব পাৰে। লগতে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে যিকোনো নতুন আঁচনিৰ ব্যৱস্থা কৰিব পাৰে। আজিৰ প্ৰতিবেদনত জাননীনে আপোনালোকক জনাব যে কেন্দ্ৰীয় চৰকাৰে মহিলাৰ বাবে কি আঁচনি আনিছে আৰু প্ৰতিমাহে এই আঁচনিখনত মহিলাসকলে কিমান টকা পাব।

মহিলাৰ বাবে নতুন প্ৰকল্প

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত বাজেট ঘোষণাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ডাকঘৰৰ মহিলা সন্মান সঞ্চয় আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিখনত মহিলাসকলে ২ বছৰৰ বাবে ডাকঘৰত ধন জমা কৰি ২ লাখতকৈ অধিক টকাৰ ৰিটাৰ্ণ লাভ কৰিব পাৰিব। এই আঁচনিখন এতিয়া সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰিছে। গতিকে এইবাৰো কেন্দ্ৰীয় চৰকাৰে বাজেট ঘোষণাৰ সময়ত মহিলাৰ বাবে নতুন আঁচনি অনাৰ কথা চিন্তা কৰিছে।

আনহাতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱনাথ সিং চৌহানে মধ্যপ্ৰদেশত “লাডলী বেহেনা” আঁচনি আৰম্ভ কৰি নিজৰ দললৈ মহিলা ভোটাৰৰ অধিকাংশ ভোট আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আৰু এতিয়া এই আঁচনি মধ্যপ্ৰদেশত জনপ্ৰিয় হৈ পৰিছে। গতিকে লোকসভা নিৰ্বাচনৰ পূৰ্বে গৰিষ্ঠসংখ্যক মহিলা ভোটাৰক নিজৰ দললৈ আকৰ্ষণ কৰিবলৈ মহিলাৰ বাবে নতুন আঁচনি ঘোষণা কৰাৰ চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কিমান টকা পাব মহিলাসকলে?

বৰ্তমান মধ্যপ্ৰদেশ চৰকাৰে “লাডলী বেহেনা” আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক প্ৰতিমাহে ১২০০ টকাকৈ প্ৰদান কৰিছে। গতিকে যদি কেন্দ্ৰীয় চৰকাৰেও সমগ্ৰ দেশৰ মহিলাসকলৰ বাবে আঁচনি আৰম্ভ কৰে, তেন্তে তেওঁলোকে মাহে নূন্যতম এহেজাৰ টকা দিব পাৰে।

লগতে পশ্চিম বংগৰ মহিলাসকলৰ বাবে জনপ্ৰিয় আঁচনি লক্ষীৰ ভাণ্ডাৰ আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলক ৫০০ টকা আৰু ১০০০ টকা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যতকৈ অধিক ধন ৰাজ্যৰ মহিলা ভোটাৰক দিব বুলি আশা কৰিব পাৰি।

Leave a Comment