ভাৰতীয়ক যেনেকৈ বহিঃৰাজ্যলৈ যাবলৈ পাছপ’ৰ্ট আৰু ভিছা দুয়োটাৰে প্ৰয়োজন হয়, তেনেদৰে বিদেশীকো ভাৰতলৈ আহিবলৈ এই নথি দুখনৰ প্ৰয়োজন। কিন্তু কিছুমান দেশৰ নাগৰিক ভিছা আৰু পাছপ’ৰ্ট অবিহনে ভাৰতলৈ আহিব পাৰে, কোনখন দেশৰ জানেনে ? এই প্ৰতিবেদনত কিছুমান অচিনাকি প্ৰশ্নৰ উত্তৰ এবাৰ চকু ফুৰাই দিয়া হৈছে –
১) প্ৰশ্ন : ১২খন ৰাজ্যৰ মাজেৰে কোনখন ভাৰতীয় ৰে’ল পাৰ হয় ?
উত্তৰঃ হিমসাগৰ এক্সপ্ৰেছ।
২) প্ৰশ্ন : বিশ্বৰ কোনখন দেশে প্ৰথমে বৈদ্যুতিক পথ নিৰ্মাণ কৰিছিল ?
উত্তৰঃ ছুইডেনে বৈদ্যুতিক পথ নিৰ্মাণ কৰিছিল।
৩) প্ৰশ্ন : বিশ্বৰ কোনখন দেশত ভেলেণ্টাইন ডে’ নিষিদ্ধ ?
উত্তৰঃ পাকিস্তানত ভেলেণ্টাইন ডে উদযাপন কৰাটো নিষিদ্ধ।
৪) প্ৰশ্ন : মাটিৰ অধ্যয়নক কি বুলি কোৱা হয় ?
উত্তৰঃ মাটিৰ অধ্যয়নক প’ড’লজী বোলা হয়।
৫) প্ৰশ্ন : মানুহৰ তেজৰ ৰং কেতিয়া সেউজীয়া হয় ?
উত্তৰঃ সাগৰৰ একেবাৰে তলত ডুবাৰুৰ হাতৰ শিৰাত ৰঙা তেজ সেউজীয়া দেখা যায়।
৬) প্ৰশ্ন : কোনটো প্ৰাণী জন্মৰ পৰা মৃত্যুলৈকে একে ঠাইতে থাকে ?
উত্তৰঃ জন্মৰ পৰা মৃত্যুলৈকে স্পঞ্জ একে ঠাইতে থাকে।
৭) প্ৰশ্ন : চীনৰ দেৱালৰ দৰে কোনখন ভাৰতীয় ৰাজ্যৰ দেৱাল আছে ?
উত্তৰঃ ৰাজস্থানৰ কুম্বলগড় দেৱাল বিশ্বৰ দ্বিতীয় বৃহত্তম দেৱাল।
৮) প্ৰশ্ন : কোনখন দেশত মুদ্ৰাৰ সলনি প্ৰথম নোট প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰঃ চীনে প্ৰথম দেশত নোট প্ৰৱৰ্তন কৰিছিল।
৯) প্ৰশ্ন : কোনটো ৰোগৰ চিকিত্সাত লিচ ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ শৰীৰৰ ক’ৰবাত আঘাতৰ বাবে তেজ জমা হ’লে লিচে তেজ চুহি লয়।
১০) প্ৰশ্ন : ভিছা আৰু পাছপ’ৰ্ট অবিহনে কোনখন দেশৰ নাগৰিক ভাৰতলৈ আহিব পাৰে জানেনে?
উত্তৰঃ নেপাল আৰু ভূটানৰ নাগৰিকে ভিছা পাছপ’ৰ্ট অবিহনে ভাৰতলৈ আহিব পাৰে। এই দুয়োখন দেশ ভাৰতৰ চুবুৰীয়া দেশ আৰু ইয়াৰ সৈতে দশক দশক ধৰি অতি ভাল সম্পৰ্ক আছে।