বিয়াৰ আগতে আপোনাৰ পত্নীৰ বিষয়ে এই ৪টা কথা জানি লওক, নহলে ক্ষতি হ’ব !

WhatsApp Follow

( These 4 things you should know about your wife before you get married, or you will suffer ) সম্পৰ্কই আমাৰ জীৱনৰ বহু দিশত পোহৰ পেলায় । চাণক্যই জীৱনৰ বিভিন্ন ক্ষেত্ৰত আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই সম্পৰ্কে স্পষ্ট পৰামৰ্শ আগবঢ়াইছিল । প্ৰাচীন ভাৰতৰ এই মহান পণ্ডিত, অৰ্থনীতিবিদ, আৰু দাৰ্শনিকজনৰ পৰামৰ্শ আজিৰ আমাৰ জীৱনতো সমানেই প্ৰাসংগিক । জীৱনৰ বিভিন্ন দিশৰ বিষয়ে তেওঁ চানক্যা নীতি নামৰ গ্ৰন্থখনত আলোচনা কৰিছে । স্বামী-পত্নী সম্পৰ্কৰ বিষয়ে চাণক্যই কি কৈছিল আজি আমি জানিম ।

আমাৰ সকলোৰে জীৱনত এনে এজন সংগীৰ প্ৰয়োজন, যি সুখ-দুখত সদায় আমাৰ কাষত থাকিব । সেইবাবেই বিয়াৰ সিদ্ধান্তই আমাৰ জীৱনত ইমান গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে । গতিকে সংগী যদি মনৰ দৰে হয়, তেন্তে গোটেই জীৱনটো সুখেৰে পাৰ হৈ যায় । কিন্তু সংগীৰ লগত যদি মনটো সামঞ্জস্যপূৰ্ণ নহয় তেন্তে জীৱনত সংকটৰ ক’লা ডাৱৰটো ওচৰ চাপি আহে । গতিকে জীৱন সংগী বাছি লওঁতে কেইটামান কথা মনত ৰখাটো জৰুৰী । চাণক্যই কৈছে যে বিয়াৰ আগতে ভবিষ্যত স্বামী বা পত্নীৰ বিষয়ে দুই-এটা কথা জনাটো জৰুৰী ।

১) বিবাহৰ পিছত, সুখী আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ হ’লে বিয়াৰ আগতে ভৱিষ্যত সংগীৰ আচৰণ আৰু মানসিকতাৰ বিষয়ে কিছু ধাৰণা থকাটো প্ৰয়োজনীয় । কেৱল বাহ্যিক সৌন্দৰ্য্যৰ ওপৰত ভিত্তি কৰি সংগী বাছি ল’লে ভৱিষ্যতে আপোনাক পিছুৱাই যাব । যদি আপোনাৰ সংগী হৃদয়ত ধুনীয়া নহয়, তেন্তে শাৰীৰিক সৌন্দৰ্য্য সকলো মিছা ।

২) বিয়াৰ আগতে সংগীৰ মূল্যবোধ পৰীক্ষা কৰক, সঠিক মূল্যবোধ নথকা এজন ব্যক্তিয়ে বিপদৰ সময়ত আপোনাৰ পৰা আঁতৰি যাব পাৰে । ইয়াৰ উপৰিও যদি সংগীৰ মূল্যবোধৰ জ্ঞান ভাল হয় তেন্তে ই আপোনাৰ সন্তানৰ লালন-পালনতো প্ৰভাৱ পেলায় । আৰু এটা কথা, বিয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হোৱাৰ পিছতহে বিয়াৰ আসনত বহিব । আন যিকোনো প্ৰেচাৰ বিবাহে দুয়োটা জীৱন ধ্বংস কৰিব পাৰে ।

আৰ পঢ়ক
পত্নীক তেওঁৰ পিতৃ-মাতৃতকৈও অধিক মৰম দিয়ে এই দুটা নামৰ পুৰুষে

৩) চাণক্যই উপদেশ, দিয়ে যে বিয়াৰ আগতে আপোনাৰ ভৱিষ্যত পত্নী কিমান ধৰ্মপৰায়ণ সেইটো জানি লওক । যিজন ব্যক্তিৰ মন ধৰ্মকৰ্মৰ প্ৰতি নিৰ্দেশিত, তেওঁ সাধাৰণতে অন্যায়ত লিপ্ত নহয় ।

৪) বিয়াৰ আগতে ভবিষ্যত, পত্নী কিমান ধৈৰ্য্যশীল হয় সেয়া জনাটো অতি প্ৰয়োজনীয় । ধৈৰ্য্যই এজন ব্যক্তিক শীতল মূৰ ৰাখিবলৈ আৰু বিপদৰ সময়তো সিদ্ধান্ত লোৱাত সহায় কৰে । ধৈৰ্য্যৰ অভাৱ হ’লে জীৱনত সেই ব্যক্তিজন সংকটত পৰিলে কি কৰিব, ঠিক কৰিব নোৱাৰে এনে লোকৰ লগত যদি আপুনি নিজৰ জীৱনটো জড়িত কৰে তেন্তে আপুনি খোজে খোজে সমস্যাৰ সন্মুখীন হ’ব লাগিব ।

2 thoughts on “বিয়াৰ আগতে আপোনাৰ পত্নীৰ বিষয়ে এই ৪টা কথা জানি লওক, নহলে ক্ষতি হ’ব !”

Leave a Comment