পুনৰ গৰম কৰি এই ৬টা খাদ্য খাব নালাগে ! সেই খাদ্যসমূহ হৈছে –

Join Telegram

( Do not eat these 6 foods reheated ) ব্যস্ত যুগত সদায় তৎক্ষণাত ৰান্ধিবলৈ আৰু গৰম খাদ্য খোৱাৰ সময় নাথাকে । দৈনন্দিন জীৱনত সময় ৰাহি কৰিবলৈ বহু পৰিয়ালে একেলগে বৃহৎ পৰিমাণৰ ৰান্ধি, ফ্ৰীজত থৈ পুনৰ গৰম কৰি পিছত খায় । কিন্তু কিছুমান খাদ্য পুনৰ গৰম কৰি খাদ্যৰ পুষ্টিৰ গুণগত মান হ্ৰাস হোৱাৰ লগে লগে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায় । কোনবোৰ খাদ্য কেতিয়াও পুনৰ গৰম কৰিব নালাগে জানি লওঁ আহক

আলুৰ তৰকাৰী গৰম কৰি খাব নালাগে । ইয়াৰ ফলত আলুৰ নিজস্ব পুষ্টিগুণ নষ্ট হ’ব পাৰে । অধ্যয়নত দেখা গৈছে যে আলুৰ তৰকাৰী পুনৰ গৰম কৰিলে পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ।

যিকোনো কণীৰ তৰকাৰী পুনৰ গৰম কৰাটোৱেই উত্তম নহয় । কণীৰ দৰে উচ্চ প্ৰটিনযুক্ত খাদ্যক দ্বিতীয়বাৰ গৰম কৰাৰ বাবে প্ৰটিন নষ্ট হৈ কণীৰ ভিতৰত ক্ষতিকাৰক বেক্টেৰিয়া বাঢ়ি যায় । ই শৰীৰটো বেয়া কৰি তুলিব পাৰে ।

ভেঁকুৰৰ তৰকাৰী গৰম কৰি খাব নালাগে । দ্বিতীয়বাৰ গৰম কৰি খোৱাটো আমাৰ পেটৰ বাবে অতি ক্ষতিকাৰক । বহুক্ষেত্ৰত ই হৃদযন্ত্ৰতো প্ৰভাৱ পেলায় ।

যিমানেই আচৰিত নহওক কিয়, এইটো সঁচা যে পুনৰ গৰম কৰা ভাত খালে বমি আৰু ডায়েৰিয়া হ’ব পাৰে । গৰম ভাত ঠাণ্ডা হোৱাৰ লগে লগে বিভিন্ন বেক্টেৰিয়া বাঢ়ি যায় । সেই ঠাণ্ডা হোৱা চাউলটো পুনৰ গৰম কৰিলে বেক্টেৰিয়াৰ ক্ষতিকাৰক প্ৰভাৱ বাঢ়ি যায় ।

অধ্যয়নত প্ৰমাণিত হৈছে যে কচুৰ তৰকাৰী গৰম কৰি খালে শৰীৰত কাৰ্চিনোজেনিক উপাদান বা কৰ্কট ৰোগ সৃষ্টিকাৰী উপাদানৰ পৰিমাণ বৃদ্ধি পায় । কচুত থকা নাইট্ৰেট গৰম কৰাৰ পিছত নাইট্ৰাইটলৈ ৰূপান্তৰিত হয় । আৰু এই সামগ্ৰী শৰীৰৰ বাবে একেবাৰেই উপকাৰী নহয় ।

কুকুৰাৰ মাংস প্ৰচুৰ পৰিমাণে প্ৰটিনযুক্ত । সেয়েহে ৰন্ধা পিছত পুনৰ গৰম কৰিলে প্ৰটিনৰ গঠন সলনি হৈ বদহজম হ’ব পাৰে । ডায়েৰিয়া আৰু বমিও হ’ব পাৰে ।

Leave a Comment