চাহৰ লগত ভুলতো নাখাব এনে খাদ্য !

WhatsApp Follow

( Do not mistake such foods with tea ) চাহ লগত খায় নেকি এই খাদ্য ? চাহৰ লগত ভূলতো নাখাব এনে খাদ্য, সমগ্ৰ দেশতে সকলো লোকেই পুৱা শোৱাৰ পৰা উঠি একাপ শতেজ চাহ খাবলৈ বিচাৰে । সকলো লোকেই নিজৰ মন পচন্দৰ চাহ কাপ খাই বহুতেই ভাল পায়। বহুলোকে চাহৰ লগতে বিভিন্ন বস্তু খাৱলৈ ভাল পায় । কিন্তু এনে কিছুমান খাদ্য আছে যি চাহৰ লগত খালে স্বাস্থ্যৰ বহু পৰিমানে ক্ষতি হ’ব পাৰে । এনেকিছুমান খাদ্য আছে যি চাহৰ লগত কেতিয়াও খাব নালাগে –

গাখীৰ চাহৰ লগত কেতিয়াও আয়ৰণ যুক্ত খাদ্য খাব নালাগে । বাদামত প্ৰচুৰ পৰিমানে আয়ৰণ থাকে সেয়েহে গাখীৰ চাহৰ সৈতে বাদাম খালে স্বাস্থ্যৰ ওপৰত ভূল প্ৰভাৱ পেলাব পাৰে ।

গাখীৰ চাহৰ লগত বেচনৰে বনোৱা কোনো বস্তু খাব নালাগে । ভাৰতত পকৰি বা কোনো নিমখিয়া খাদ্যৰ সৈতে চাহ খোৱাতো সচৰাচৰ দেখিবলৈ পোৱা যায় । কিন্তু চাহৰ সৈতে বেচনেৰে বনোৱা খাদ্য খালে হজমৰ সমস্যা হ’ব পাৰে । আৰু ই শৰীৰৰ পুষ্টি শোষণ কৰাৰ ক্ষমতাও হ্ৰাস কৰে । সেয়েহে চাহৰ সৈতে কেতিয়াও বেচনেৰে বনোৱা খাদ্য খাব নালাগে । নেমু- শৰীৰৰ ফিটনেছৰ কাৰণে নেমু দিয়া চাহ বহুতেই খায় । নেমু দিয়া চাহ খোৱাৰ ফলত ওজন দ্ৰুতগতিত হ্ৰাস হয় ।

কিন্তু চাহত নেমু দিলে ইয়াক এচিডিক কৰিব পাৰে আৰু শৰীৰত বহু বেমাৰে দেখা দিব পাৰে । যদি ৰাতিপুৱা খালী পেটত নেমু দি চাহ খোৱা হয় তেনেহ’লে এচিড ৰিফ্লাক্স আৰু বুকুজ্বলাৰ দৰে সমস্যাও হ’ব পাৰে ।

চাহৰ লগত কেতিয়াও কোনো ঠাণ্ডা বস্তু খাব নালাগে । এনেকুৱা কৰিলে হজম সম্পৰ্কীয় সমস্যা হোৱাৰ বহু বেছি সম্ভাৱনা থাকে । আৰু হজম প্ৰক্ৰিয়া দুৰ্বল হয় । সেয়েহে গৰম চাহ খোৱাৰ ৩০ মিনিট লৈকে কোনো ঠাণ্ডা বস্তু খাব নালেগে ।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।

Leave a Comment