ধন লাভ কৰিবলৈ বৃহস্পতিবাৰে কৰক এইকেইটা কাম !

Join Telegram

( Do these things on Thursday to earn money ) হালধি কেৱল স্বাস্থ্যৰ বাবেই নহয় ভাগ্যৰ বাবেও উপকাৰী । শাস্ত্ৰত হালধিৰ কেইবাটাও গুণৰ কথা উল্লেখ আছে যাৰ দ্বাৰা আপুনি সকলো সমস্যাৰ পৰা মুক্তি পাব পাৰিব । বৃহস্পতিবাৰৰ দিনটো ভগৱান বিষ্ণু আৰু দেৱ গুৰু বৃহস্পতিৰ দিন বুলি জনা যায় । হালধীয়া ৰঙটো দুয়োগৰাকীৰে প্ৰিয় । সেয়েহে বৃহস্পতিবাৰৰ পূজাত হালধীয়া সামগ্ৰীৰ বিশেষ ব্যৱহাৰ কৰা হয় ।

দেৱ-দেৱীৰ পূজাত হালধিৰ বিশেষ স্থান আছে । হিন্দু ধৰ্মত হালধিক বহু শুভ হিচাপে ধৰা হয় । হালধিয়ে কেৱল স্বাস্থ্যই নহয় আপোনাৰ ভাগ্যও ভাল কৰে । শাস্ত্ৰত হালধিৰ বহু উপকাৰৰ কথা উল্লেখ আছে যাৰ দ্বাৰা বহুতো সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰি । জ্যোতিষশাস্ত্ৰৰ মতে হালধিয়ে সকলো সমস্যাৰ সমাধান কৰে । আহকচোন জানো হালধিৰ গুণসমূহনো কি কি ?

আৰ্থিক দিশত লাভ –
আৰ্থিক সমস্যাৰ পৰা মুক্তি পাবলৈ প্ৰত্যেক বৃহস্পতিবাৰে গা ধোৱা পানীত অলপ হালধি মিহলি কৰি স্নান কৰক । ইয়াৰ দ্বাৰা বৃহস্পতি গ্ৰহ মজবুত হয় । ব্যৱসায়ত উন্নতি আৰু চাকৰি লাভ হয় ।

বিবাহৰ বাধা ৰোধ –
সোঁৱৰণীত বৃহস্পতি গুৰু দুৰ্বল হ’লে বিয়াত বাধা জন্মে । বিয়াৰ বাধা দূৰ কৰিবলৈ বৃহস্পতিবাৰে হালধি দান কৰক । ইয়াৰ দ্বাৰা বৃহস্পতি মজবুত হয় আৰু মনে বিচৰা জীৱন সংগী লাভ কৰে ।

=

কন্দল নাশ –
ঘৰুৱা সমস্যাৰ সন্মুখীন প্ৰত্যেক মানুহেই হয় । কেতিয়াবা ঘৰত বিনা কাৰণত কন্দলৰ সৃষ্টি হয় । তেনে ক্ষেত্ৰত হালধিৰ এইটো উপায়ে বহু ফলপ্ৰসু কাম দিয়ে । ঘৰুৱা কন্দলৰ পৰা হাত সাৰিবলৈ ঘৰৰ বাহিৰত হালধিৰে ৰেখা অংকন কৰক । যিয়ে ঘৰত শান্তি অটুট ৰখাত সহায় কৰে ।

আৰু পঢ়ক
>> আমাৰ দেহৰ ১০ টা শুভ-অশুভ লক্ষণ এনেদৰে জানিব পাৰি ?
>> এই ৫ টা অভ্যাসে আপোনাক ধনী হোৱাত বাধা দিয়ে !

বিনা বাধাই সম্পূৰ্ণ হ’ব সকলো কাম –
কোনো কাৰ্য সম্পূৰ্ণ হোৱাত বাধা জন্মিলে বৃহস্পতিবাৰে কলৰ গুৰিত হালধি মিহলি হৈ থকা পানী অৰ্পণ কৰক । ইয়াৰ দ্বাৰা কোনো বাধা নোহোৱাকৈ সকলো কাম সমাধা হয় বুলি বিশ্বাস কৰা হয় । কলগছত ভগৱান বিষ্ণুয়ে বাস কৰে । ইয়াৰ পূজাৰ দ্বাৰা লক্ষ্মীয়ে কৃপা কৰে আৰু ধন লাভ হয় ।

1 thought on “ধন লাভ কৰিবলৈ বৃহস্পতিবাৰে কৰক এইকেইটা কাম !”

Leave a Comment