প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা বা বিষ অনুভৱ কৰে নেকি? এই উপায় কৰক

( Do you feel burning or pain when you urinate? Do this remedy ) সুস্থ শৰীৰৰ বাবে পানী অতি প্ৰয়োজন । প্ৰচুৰ পৰিমাণে পানী খালে প্ৰস্ৰাৱৰ জৰিয়তে সকলো দূষিত পদাৰ্থ আমাৰ শৰীৰ পৰা প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ হয় । কিন্তু বহু সময়ত দেখা যায় যে প্ৰস্ৰাৱ কৰোতে প্ৰবল জ্বলা-পোৰা হয় । এই সমস্যাক ডিছুৰিয়া বোলে । ডিছুৰিয়াত আক্ৰান্ত লোকসকলে প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা লগতে বিষ অনুভৱ কৰে । এই সমস্যা দূৰ কৰিবলৈ আপুনি বহু ধৰণৰ আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰিব পাৰে । আহকচোন এই ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানো –

১/ নেমুপানী, প্ৰস্ৰাৱত জ্বলা-পোৰা হ’লে নেমুৰ পানী সেৱন কৰিব লাগে । পুৱা খালী পেটত নিয়মিতভাৱে এগিলাচ গৰম পানী আৰু নেমু খাব লাগে । কুহুমীয়া পানীত এটা নেমু চেপি লৈ তাত অলপমান মৌ মিহলাই খালে প্ৰস্ৰাৱ জ্বলা উপকৃত হ’ব ।

২/ পানী, প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা বা বিষ অনুভৱ কৰিলে অধিক পানী খাব লাগে । আচলতে শৰীৰত পানীৰ অভাৱৰ বাবে প্ৰস্ৰাৱত জ্বলা-পোৰা আৰু বিষ হ’ব পাৰে । এনে অৱস্থাত দিনটোৰ ভিতৰত কমেও ১০ৰ পৰা ১২ গিলাচ পানী খাব লাগে ।


আৰু পঢ়ক
>> ৩টা খাদ্য, ৰাতি অনিদ্ৰাৰ কাৰণ হ’ব পাৰে !
>> সাৰ পাই এই ৪টা বস্তু নাচাব, নহলে জীৱনত বেয়া প্ৰভাৱ পৰিব !


৩/ তিঁয়হৰ ৰস, তিঁয়হ অতি ঠাণ্ডা হোৱাৰ লগতে ইয়াৰ ৯৫ শতাংশ পানী থাকে । একাপ তিঁয়ৰ ৰসত ৰসত ১ চামুচ মৌ আৰু নেমু মিহলাই দিব পাৰে । সেয়েহে তিঁয়হে শৰীৰক শীতল কৰি ৰখাৰ লগতে প্ৰস্ৰাৱ জ্বলা-পোৰাত সুফল পোৱা যায় । ইয়াৰ দ্বাৰা শৰীৰত পানীৰ অভাৱ দূৰ কৰিব পৰা যায় ।

৪/ নাৰিকল পানী, প্ৰস্ৰাৱত বিষ আৰু জ্বলা-পোৰা অনুভৱ কৰিলে নাৰিকলৰ পানী অতি উপকাৰী । নাৰিকলৰ পানী অতি ঠাণ্ডা হয় প্ৰস্ৰাৱ জ্বলা-পোৰাৰ অনুভূতি হ্ৰাস ফলপ্ৰসূ হোৱাৰ লগতে শৰীৰত পানীৰ অভাৱ দূৰ কৰে ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

2 thoughts on “প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা বা বিষ অনুভৱ কৰে নেকি? এই উপায় কৰক”

Leave a Comment