ভেদাইলতাৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে ?

WhatsApp Follow

ভেদাইলতা এবিধ ঔষধি গুণবিশিষ্ট বনশাক। ভেদাইলতাৰ এটা অকটা গোন্ধ আছে। ভেদাইলতা ঘৰৰ-বাৰীখনৰ জেকা আৰু হাবিতলীয়া ঠাইত গজে। ভেদাইলতা আমি খাদ্য সামগ্ৰীহিচাপে ব্যৱহাৰ কৰো। ভেদাইলতাৰ আছে বহুতো উপকাৰিতা। ভেদাইলতাৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

>> ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়।

>> বাতবিষত আক্ৰান্ত হ’লে ভেদাইলতা ৰস খালে আৰোগ্য হয়। অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে।

>> ভেদাইলতা শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খাব লাগে। দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে।

>> ভেদাইলতা শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খাব লাগে।

>> ভৰি-হাতৰ হাড় ভাগিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে।

>> প্ৰসূতিসকলৰ প্ৰসৱৰ আগে-পিছে ভেদাইলতাৰ চাটনি কৰি খুৱাব লাগে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Leave a Comment