তুলসী পূজা কৰাৰ সময়ত এইসমূহ ভুল নকৰিব !

Join Telegram

( Don’t make these mistakes when doing Tulsi Puja ) তুলসীক কেৱল ধাৰ্মিক দৃষ্টিৰে মহত্বপূৰ্ণ মনা নহয় । তুলসীক বাস্তু শাস্ত্ৰ অনুসাৰেও বহুত গুৰুত্বপূৰ্ণ হয় । তুলসী যি ঠাইতে থাকে-তাৰ চাৰিওফালে পৰিৱেশক সকাৰাত্মকতাৰে ভৰি তোলে ।

১) যদি আপুনি প্ৰতিদিনে তুলসী পূজা কৰে-আৰু তুলসীক যদি প্ৰতিদিনে পানী দিয়ে-তেন্তে এই কথা মন দিব যে-ৰবিবাৰৰ দিনা তুলসীত ধুনা দিব এনে কৰিলে নেতিবাচক শক্তি বোৰ ঘৰৰ আশে-পাশেও থাকিব নোৱাৰে আৰু ভুলতো ৰবিবাৰে তুলসী পাত নিচিঙিব ।

২) প্ৰায় দেখা যায় যে-ঘৰৰ প্ৰতিজন সদস্যই-এজন-এজন কৰি তুলসীত পানী অৰ্পণ কৰে । কিন্তু এনে কৰিব নালাগে । অধিক জলৰ তুলসীৰ শিপাৰ লোকচান হয় । যাৰ দ্বাৰা তুলসী শুকায় যায় । আৰু তুলসী শুকায় যোৱাটো শুভ মনা নহয় ।


আৰু পঢ়ক
>> শনিদেৱৰ মন্দিৰলে গলে এই কথা মন কৰিব লাগে !
>> শাওণ মাহত এই কেইটা বস্তু শিৱলিঙ্গ সন্মুখত ৰাখক, অৰ্থনৈতিক সংকট দূৰ হ’ব


৩) বহুলোকে তুলসীত বস্ত্ৰ দিয়াৰ পাছত-সেয়া সলনি কৰি নিদিয়ে । কিন্তু এনে কৰিব নালাগে । অন্য দেৱ-দেৱীৰ দৰে তুলসীক দিয়া বস্ত্ৰও সলনি কৰিব লাগে ।

৪) মান্যতা অনুসাৰে-মহিলাসকলে তুলসী পূজা কৰাৰ সময়ত-চুলি মেলি লব নালাগে।অন্য পূজা অনুষ্ঠানৰ দৰে-চুলি বান্ধি ৰাখিব লাগে।

৫) তুলসী ওচৰত বন্তি জ্বলালে-চাউলৰ আসন দিব লাগে।

৬) যদি আপুনি গধূলী সময়ত তুলসী পূজা কৰিছে-তেতিয়া এই কথা ধ্যান দিব যে-তুলসীক দূৰৰ পৰাই প্ৰণাম কৰিব।ভুলটো আবেলি তুলসী স্পৰ্শ কৰিব নালাগে।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment