মানুহক এই দৰে মাৰা হয় উত্তৰ কোৰিয়াত, জানিলে আপুনিও আচৰিত হ’ব

WhatsApp Follow

কিম জং উনে এখন মহাবিদ্যালয়ৰ সন্মুখত গাড়ীখন ৰখাই কলেজত প্ৰৱেশ কৰিছিল আৰু এজন ল’ৰাক সুধিছিল তোমাৰ দেউতাৰ নাম কি। ল’ৰাজনে ক’লে, সৰ্বোচ্চ নেতা কিম জং উন মোৰ দেউতা।
কিম জং উনে হাঁহিছিল আৰু পুনৰ সুধিছিল তোমাৰ মাৰ নাম কি, ল’ৰাটোৱে কৈছিল যে এইখন কোৰিয়া দেশৰ মাটিয়েই মোৰ মা, কিম জঙে হাঁহিছিল আৰু বাকী ল’ৰা ছোৱালীসকলক সুধিছিল, 2 বছৰৰ পিছত ই কি হ’ব বুলি তেওঁলোকে ভাবে, বাকী ল’ৰাছোৱালী বোৰে কৈছিল চাৰ, তেওঁ 2 বছৰৰ পিছত আপোনাৰ সেনাত জেনেৰেল হ’ব।

কিম জং উনে তেতিয়া আন এজন ল’ৰা সুধিছিল আপোনাৰ দেউতাকৰ নাম কি, ল’ৰা কৈছিল যে ৰী পাৰ্কলী মোৰ দেউতা, মাৰ নাম সুধোতেও ক’লে চুই চুং লি মোৰ মাৰ নাম। জঙে বাকী শিক্ষাৰ্থীখিনিক সুধিলে ই ২ বছৰৰ পিছত কি হ’ব ? তেওঁলোকে ক’লে ছাৰ অনাথ হ’ব। ইয়াৰ অৰ্থ হ’ল নৰ্থ কোৰিয়াত ত্বমেৱ মাত চ পিতা ত্বমেৱৰ ঠাইত কোৱা হয় কিম এৱ মাতা কিম এৱ পিতা।

নৰ্থ কোৰিয়াত বাক স্বাধীনতা নাই। তাত অভিব্যক্তিৰ আজাদী মানে পৃথিৱীৰ পৰাই আজাদী বুজায়। কেৱল এজন মানুহৰে বাক স্বাধীনতা আছে, – কিম জংউন। পৃথিৱীৰ একমাত্ৰ আৰু আটাইতকৈ নীচ দেশ নৰ্থ কোৰিয়া য’ত মানুহৰ কথা কোৱাৰো অধিকাৰ নাই। কেৱল কিমৰ প্ৰশংসা কৰিবলৈ মুখ খুলিব পাৰে। শাসকক অসন্মান বা অসন্তষ্টি প্ৰকাশ কৰা মানেই হয়তু মৃত্যু , নহ’লে ১০০ বছৰ জেল।

কিম জঙৰ যিজন বিত্ত মন্ত্ৰী আছিল তেওঁ ৭৫ ঘন্টা ধৰি শুৱা নাছিল, একেৰাহে কাম কৰি আছিল। কিন্তু কিম জঙে ভাষণ প্ৰদান কৰি থকা অৱস্থাত সামান্য এটা হামি মৰাৰ বাবে এক লাখ মানুহৰ সমুখত তেওঁক গুলীয়াই দিয়া হ’ল। কিমৰ বদনাম গাই থকা বাবে ২০ বছৰ জেল, বিদেশী গান শুনিলে ৮ বছৰ জেল আৰু দ্বিতীয়বাৰ যদি পৰিয়ালৰো কোনোবাই শুনে তেন্তে ১০০ বছৰ জেল আৰু যিজনে শুনিছে তেওঁৰ ফাঁচী। বিদেশী চিনেমা চালে ১০ বছৰ জেল, পৰ্ণ চালে মৃত্যুদণ্ড দিয়া হয়।

এজন ল’ৰাই চাইনাৰ পৰা squid game কপি পেনড্ৰাইভত ভৰাই বিক্ৰী কৰিছিল। ১০০ বছৰ জেল দিয়া হ’ল। স্বাধীনতাৰ ক্ষেত্ৰত ভাৰতেই শ্ৰেষ্ঠ। ইন্টাৰনেশ্যনেল কল কৰাটো বহুত ডাঙৰ অপৰাধ। এজন ব্যক্তিয়ে এবাৰ চেষ্টা কৰোতে ফাঁচী দিয়া হ’ল। নৰ্থ কোৰিয়াত প্ৰতিঘৰ মানুহতেই কিম জং, তেওঁৰ দেউতাক আৰু ককাকৰ ফটো থকাটো বাধ্যতামূলক। এনেই লগালেও নহ’ব। ঘৰৰ আটাইতকৈ ডাঙৰ ৱালত লগাব লাগিব, নিজৰ উচ্চতাতকৈ ওপৰত লগাব লাগিব আৰু ৱালখনক সন্মানীয় ৱাল বোলা হয়। ফটোকেইখন একেবাৰে চাফা হ’ব লাগিব কিয়নো ধূলিৰ পৰিমাণ যিমান বেছি হ’ব , জেলত থকা শাস্তিৰ সময়ো সিমান বৃদ্ধি হ’ব। আৰু এই ফটোকেইখনত প্ৰতিদিনেই সতেজ ফুল আগবঢ়াবব লাগিব।

২০১৩ ৰ এটা কাহিনী শুনক। এজন ল’ৰা দূৰ্ঘটনাত পতিত হৈ বেয়াকৈ আঘাতপ্ৰাপ্ত হ’ল। মাক দেউতাকে তিনিদিন ধৰি হাস্পতালত ল’ৰাটোৰ সৈতে অশেষ কষ্টৰে থাকিল আৰু তৃতীয় দিনা ল’ৰাটোৰ মৃত্যু হ’ল। দুখত ভাগি পৰা মাক দেউতাক যেতিয়া ল’ৰাটোৰ মৃতদেহ লৈ ঘৰ পাইছেহি। লগে লগে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰে কিয়নো তেওঁলোকে ৩ দিন ধৰি কিম জংৰ ফটোত সতেজ ফুল দিয়া নাই।

Leave a Comment