বিদ্যালয়ৰ বিদায় সভাৰ ভাষণ | Farewell Speech In Assamese

WhatsApp Follow

বন্ধু বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কথা পাতিম বিদ্যালয়ৰ বিদায় সভাৰ ভাষণ কেনেকৈ দিব পাৰি তাৰ বিষয়ে আশা কৰোঁ এই দশম শ্ৰেণীৰ বিদায় সভাৰ ভাষণণ আপোনালোকৰ ভাল লাগিব।

বিদাবিদ্যালয়ৰ বিদায় সভাৰ ভাষণ

নমস্কাৰ, পৰম শ্রদ্ধাৰ আজিৰ এই সভাৰ সভাপতিত্বৰ আসন অলংকৃত কৰা মোৰ শ্রদ্ধাৰ সন্মানীয় সভাপতি তথা আমাৰ নিকেতনৰ প্রধান আচার্য মহোদয় ডাঙৰীয়া। লগতে এই মঞ্চ শুৱনি কৰা মোৰ শ্রদ্ধাৰ সন্মানীয় আচার্য আচার্য্যা সকল। লগতে আজিৰ এই সভাত উপস্থিত মোৰ বন্ধু বান্ধৱী তথা মোৰ মৰমৰ ভাইটি ভন্টি সকল।

পোন প্রথমে মই সকলোকে শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছো আজিৰ এই সভাখনৰ বাবে। আজি আমাৰ বিদায়ৰ দিন, মনটো বহুত বেয়া লাগিছে। কাৰণ বিদায় মানেই হ’ল কষ্ট, বিদায় মানেই হ’ল যন্ত্রণা, বিদায় মানেই হ’ল বিষাদৰ এক বোৱতী নৈ। আজি বিষাদৰ সুৰে মোৰ মনটো যেন কৰি তুলিছে অন্যন্ত ভাৰাক্রান্ত, আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ, যিদিনা মই প্রথম এই বিদ্যালয়খনলৈ আহিছিলো সিদিনা মনটো ইমান ভাল লগা নাছিল, কিন্তু আজিচোন এইখন বিদ্যালয় ত্যাগ কৰো বুলি মনলৈ আহিলে মনৰ ভিতৰত থকা কলিয়া ডাৱৰবোৰ দুচকুত অশ্রু হৈ নিগৰিব খোযে।

আজি বৰকৈ মনত পৰিছে আচার্য আচার্য্যা সকলৰ লগত খেলা ধূলা কৰা, ক্লাছৰ সময়ত দুষ্টালি কৰা, তাৰোপৰি সহপাঠী লগত তথা ভাইটি ভন্টি সকলৰ লগত খেলা ধূলা, আদ্দা মৰা পঢ়া-শুনা কৰা আটাইবোৰ মুহূর্তই যেন হৈ পৰিছে মোৰ মনৰ এক দস্তাবেজ, এই চেগতে মোৰ তথা আমাৰ আদৰণীয় আচার্য আচার্য্যা সকলোলৈ জনাইছো অলেখ অযুত ধন্যবাদ।

আপোনালোকে আমাক ইমান কষ্টৰে শিকাই আজি আমাৰ লক্ষ্যস্থানৰ ফাললৈ যাবলৈ আমাক পথ দেখুৱালে আচার্য আচার্য্যা সকল আমি আজি এইখন নিকেতনৰ পৰা বিদায় লৈ নিজৰ নিজৰ লক্ষ্যস্থানলৈ যাবলৈ ওলাইছো, কিন্তু আগলৈ যাবলৈ ওলোৱা সুখতকৈ দুখ লাগিছে এইবাবেই যে মন গলেও আৰু কেতিয়াও আপোনালোকৰ ক্লাছ কৰিব নোৱাৰিম।,

জানি য়ে হওঁক বা নাজানি য়ে হওঁক কৰা দোষবোৰ পৰা আপোনালোকৰ পৰা গালি খাব নোৱাৰিম, আচার্য আচার্য্যা সকল প্রকৃততে আপোনালোকে আমাৰ বাবে যিখিনি কৰিছে সেইখিনি সদায়ে অতুলনীয়। কিয়নো আপোনালোকৰ এইখিনি কার্য্যৰ দ্বাৰাই ভবিষ্যত আমি আমাৰ নিজৰ চিনাকি দিবলৈ পাৰিম। আপোনালোকে আমাক শিকাইছে সত্য কি ? অসত্য কি ? ভাল কি ? বেয়া কি ? এই সকলোবোৰ কথা জানিব পাৰিছো একমাত্র আপোনালোকৰ বাবে।

এতিয়া আমাৰ প্রত্যেকজনৰ ভবিষ্যতৰ যিকোনো সিদ্ধান্ত লোৱাৰ বাবে আমাৰ অতি সহজ হৈ পৰিব, আপোনালোকে আমাক কেবল কিতাপৰ কথায়ে শিকোৱা নাই। কিতাপৰ শিক্ষাৰ উপৰিও আমাক আপোনালোকে দিছে জ্ঞান লগতে শিকাইছে সামাজিক দায়বদ্ধতা। এজন নাগৰিক হিচাপে আমাৰ যি দায়িত্ব আৰু কর্তব্য সেই সকলোবোৰ জানিব পাৰিছো একমাত্র আপোনালোকৰ বাবে, আপোনালোকে আমাক ইতিহাস বুজাইছে যাৰ ফলত আমি আমাৰ নিস্কৃয় হৈ থকা শক্তিক সক্রিয় কৰি তুলিব পাৰিছো।

আচার্য আচার্য্যা সকল মই আপোনালোকক ধন্যবাদ জনাই আপোনালোৰ এই কষ্ট আৰু ত্যাগৰ মূল্য দিব বিচৰা নাই। সদায় চিৰস্মৰণীয় হৈ থাকিব এই নিকেতনৰ আটাইবোৰ মুহূর্ত আৰু আপোনালোকৰ লগত কটোৱা আটাইবোৰ স্মৃতি, কিজানি আজিৰ পৰা আৰু আপোনালোকক আগৰ দৰে লগ নাপাম। কিন্তু আচার্য আচার্য্যা সকল আপোনালোকে আমাক দিয়া জ্ঞানৰ জৰিয়তে আমি সদায়ে আপোনালোকক অনুভৱ কৰিম। লগতে, আচার্য আচার্য্যা সকল আমি আজি আপোনালোকক প্রমিছ কৰিছো যে আমাৰ জীৱনত কিবা কৰিব পাৰিম নে নোৱাৰিম বা আমাৰ জীৱনত সফলতা আহক বা নাহক আমি কেতিয়াও এনেকুৱা কাম নকৰো যাৰ ফলত আপোনালোকৰ সন্মান লাঘব হ’ব পাৰে। আপোনালোকৰ মনলৈ কেতিয়াও এইটো অনুভৱ হ’বলৈ নিদিওযে মই যি শিকালো আজি সকলোবোৰ অথলে গল।

আচার্য আচার্য্যা সকল, এই চেগতে মই আপোনালোকক এটা সৰু অনুৰোধ কৰিব ওলাইছো হয়টো, কিছুদিন পিছত আমাৰ এই স্থান কোনোবা বেলেগ ছাত্র ছাত্রী আহি পৰিপূর্ণ কৰিব কিন্তু, আপোনালোকে আমাক প্লিচ পাহৰি নাযাব। সদায়ে আপোনালোকৰ ছাত্র বুলি ভাবি আমাক আমাৰ লক্ষ্যপথ দেখুৱাই থাকিব। আপোনালোকক এৰি মোৰ এই মৰমৰ নিকেতন খনক এৰি থকাতো হয়তো মোৰ পধ্যেই মুঠেই সম্ভৱপৰ নহয়, যদিও ভবিষ্যত এজন সুনাগৰিক হোৱাৰ স্বার্থত আপোনালোকৰ যাতে সমাজত নাম উজ্জ্বলাই তুলিব পাৰো সেই লক্ষ্য আগত ৰাখি আজি যাবলৈ ওলাইছো। আন এখন বিদ্যালয় তথা বিশ্ববিদ্যালয়লৈ। জীৱনত থমকি ৰোৱাটো কেতিয়াও জীৱনে আমাক নিশিকাই, জীৱন নদীৰ দৰে অবিৰতভাৱে বৈ থাকে সেয়েহে এই চেগতে মই আজি আপোনালোকক কথা দিছো যে জীৱন যুদ্ধত যিমান বাধা আহিলেও মই থমকি নৰওঁ।

ঈগল চৰাই যেনেকৈ ধুমুহাৰ পৰা নপলাই ধুমুহাৰ সতে যুদ্ধ কৰে, একেদৰে মইও মোৰ জীৱনত পোৱা প্রতিটো সমস্যাৰ লগত যুদ্ধ কৰি যাম। জীৱনত আগুৱাই যাম জীৱনত কেতিয়াও থমকি নৰও। লগতে ভবিষ্যত একো একোজন সু নাগৰিক হৈ আপোনালোকে কৰা এই কষ্ট আৰু ত্যাগৰ মান ৰাখিবলৈ চেষ্টা কৰিম। সদৌ শেষত আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আপোনালোকৰ আশীর্বাদ আৰু এই নিকেতন খনৰ পদধূলি শিৰত লৈ আজি এই মোৰ চমু বক্তব্য সমাপ্ত কৰিব ওলাইছো।

লগতে ভগৱানৰ ওচৰত আপোনালোক আটাইৰে সুস্থতা আৰু দীর্ঘায়ু কামনা কৰি আজিৰ এই ভাষণ সামৰণি কৰিছো, ধন্যবাদ।

লগতে পঢ়ক

দলিল লিখাৰ নিয়ম

2 thoughts on “বিদ্যালয়ৰ বিদায় সভাৰ ভাষণ | Farewell Speech In Assamese”

Leave a Comment