( Follow the 10 rules and life will be happy ) জীৱনটো সুখেৰে উপভোগ কৰাটোও এটা কলা । এই কলা সকলোৱে নাজানে । কিন্তু এই কলা আয়ত্ত কৰাটোও ইমান অসম্ভৱ নহয় । অইনক সুখী কৰিবলৈ হ’লে প্ৰথমে আপুনি নিজে অন্তৰৰ পৰা সুখী থাকিব লাগিব । নিজক কেনেদৰে ভিতৰৰ পৰা সুখী কৰি ৰাখিব, পঢ়ক তলত থকা ১০টা কথা –
1. নিজক জনাৰ বাবে সদায় প্ৰশ্ন কৰিব । মই কোন, মই কিয়, আৰু মই কাৰ বাবে ? এই প্ৰশ্ন কেইটাই আপোনাক সদায় উজ্জীৱিত কৰি ৰাখিব ।
2. আমাৰ অহংকাৰ, আমাৰ বাবে নেদেখা শত্ৰু । অহংকাৰক আমাৰ ভিতৰত সোমাবই দিব নালাগে । কাৰণ অহংকাৰে সোমাওতে মিত্ৰ হৈয়ে সোমাই ।
3. ব্যৱসায় বানিজ্যৰ ক্ষেত্ৰত কাকোৱেই মুখৰ কথাত এৰিব নালাগে । সকলো লিখিত ল’ব লাগে । টকা পইচাৰ হিচাপ নিকাচে বহু বন্ধুত্বক ধ্বংস কৰে ।
4. ধাৰ লোৱা আৰু দিয়া । সচৰাচৰ টকা পইচাৰ বাবে বহু ভাল সম্পৰ্কৰ ধ্বংস হয় । সেয়ে অতি ভাল বন্ধুৰ লগত টকা পইচাৰ লেদদেনত সাৱধান হ’ব লাগে । যদি আপুনি ভাৱে যে সি সেই টকা আপোনাক ঘূৰাই দিব নোৱাৰে, তাক সম্পূৰ্ণ ৰূপে দান কৰক । ধাৰ লোৱা দিয়া কাৰ্যই সদায় আমাৰ সমাজত এক বিৰূপ প্ৰতিক্ৰিয়াৰহে জন্ম দিয়ে । এই ক্ষেত্ৰত স্পষ্টবাদী হোৱাটো উল্লেখনীয় ।
5. আপোনাক বুজা, মৰম ভালপোৱা লোকৰ সন্মুখত নিজৰ কথা কওক । অনুৰোধ কৰক । কিন্তু সকলো মানুহকেই নিজৰ দুখৰ কথা কৈ হাঁহি হাতৰ পাত্ৰ নহ’ব ।
6. কাকোৱেই নঠগিব । কাকোৱেই ভয় নেদেখাব, আৰু নিজেই ভয়াতুৰ হৈ জীয়াই নাথাকিব ।
7. কোনো কামকেই সৰু বৰ নকৰিব, তেনেদৰে সকলো ধৰ্মকে সন্মান কৰক । মানৱতাক সন্মান কৰক । নিজক বুজক, নিজক সন্মান কৰক, নিজৰ বৃত্তিক সন্মান কৰক ।
8. কাকোৱেই ভুল বুলি প্ৰমান কৰাৰ চেষ্টা নকৰিব । শুধৰাই দিয়াৰ চেষ্টাহে কৰিব ।
9. সাধাৰণ কথাতে উত্তেজিত নহ’ব । আপোনাক কোনোৱেই সমৰ্থন নকৰে বুলিয়েই তেখেতক আপোনাৰ শত্ৰু বুলি নাভাবিব ।
10. আমি সদায় নিজকে শুদ্ধ বুলি ভাবো । আচলতে শুদ্ধ নে অশুদ্ধ পথত আছোঁ, তাকলৈ সতৰ্ক হওক ।
5 thoughts on “১০ নিয়ম মানি চলক, জীৱনটো সুখী হ’ব!”