হালধি গুৰি শুকান জলকীয়া গুৰি এই বস্তুবোৰ সংৰক্ষণ কৰিব পাৰি । কিন্তু বহুতে হয়তো নাজানে যে সেউজীয়া জলকীয়াৰ গুৰিও সংৰক্ষণ কৰি ৰাখিব পাৰি। দৈনন্দিন খাদ্যত ৰন্ধা-বঢ়াত সেউজীয়া জলকীয়া এক অপৰিহাৰ্য উপাদান।
ইয়াক যিকোনো ধৰণৰ তৰকাৰী, চালাড বা আন বহুতো খাদ্যত ব্যৱহাৰ কৰা হয়। সেউজীয়া জলকীয়াত কেপচাইচিন নামৰ এবিধ উপাদান থাকে। এই কেপচাইচিনে শৰীৰত হোৱা প্ৰদাহ আৰু বাতবিষৰ বিষ কমায়।
আমেৰিকান ইনষ্টিটিউট অৱ কেন্সাৰ ৰিচাৰ্চৰ মতে সতেজ সেউজীয়া জলকীয়া থকা কেপচাইচিনে কেন্সাৰ কোষৰ বৃদ্ধিত বাধা দিব পাৰে।
গতিকে, সেউজীয়া জলকীয়া কেৱল টেঙা নহয়, ইয়াত বিভিন্ন উপকাৰী উপাদানও থাকে। ইয়াত ভিটামিন চি থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। গতিকে সেউজীয়া জলকীয়া গুৰি ঘৰৰ ভিতৰত বহু সময় ৰাখিব লাগে।
আৰু পঢ়ক
>> অতি সহজে প্রেসাৰ কুকাৰ পৰিষ্কাৰ কৰাৰ ৫টা টিপছ !
>> কল পাতৰ তাল পিঠাৰ ৰেচিপি, কেনেকৈ বনাব জানক
এনে কৰিলে দাম বেছি হওক বা কম হওক, ছয় মাহৰ কিনিব নালাগে। সেউজীয়া জলকীয়া গুৰি কেনেকৈ সংৰক্ষণ কৰিব লাগে জানি লওক- সেউজীয়া জলকীয়াৰ গুৰি কেনেকৈ বনাব লাগে, প্ৰথমে সেউজীয়া জলকীয়া খিনি ভালদৰে ধুব লাগে।
ধুই চাৰিটাকৈ কাটি লওক। এতিয়া ট্ৰে এখনত শুকুৱাবলৈ দিয়ক। চাৰি-পাঁচ দিন এনেকৈ শুকুৱাই লওক। ভালদৰে শুকাই গ’লে গুড়ি কৰি ল’ব। গুড়িবোৰ আকৌ অলপ শুকুৱাই গোটেই বছৰটো এয়াৰটাইট পাত্ৰত ৰাখিব।
2 thoughts on “সেউজীয়া জলকীয়া গুৰি গোটেই বছৰটো সংৰক্ষণ কৰিব পাৰি, কেনেকৈ জানেনে ?”