আপোনাৰ লগতো হৈছে নেকি এইসমূহ ঘটনা ? ফেঁচাৰ বিষয়ে জানক –

WhatsApp Follow

( Have these things happened to you ? Learn about turtles ) মূৰৰ ওপৰে ফেঁচা পাৰ হোৱা বা ঘৰৰ মূধচত ফেঁচা বহি থকা , এইবোৰ অশুভ বুলি বিশ্বাস কৰেনে ?

এনে বহু বিশ্বাস-অন্ধবিশ্বাসৰ চিহ্ন ফেঁচা। লক্ষীৰ বাহন হোৱাৰ বাবে বগা ফেঁচাক শুভ বুলি গণ্য কৰা হয়। কিন্তু বেছিভাগ ক্ষেত্ৰতে ফেঁচাক অশুভ সংকেত বুলি ধৰা হয়।

মৃত্যুৰ চিহ্নও ফেঁচা। বহু বছৰৰ পৰা বিভিন্ন সংস্কৃতিত ফেঁচাক মৃত্যুৰ স্বৰ্গদূত বুলি বিশ্বাস কৰা হয়। জানিব পৰা মতে, জুলিয়াছ চিজাৰৰ মৃত্যুৰ বাতৰি এটা ফেঁচাৰ দ্বাৰা ঘোষণা কৰা হৈছিল।

আন চৰাইবোৰে নিজৰ মূৰটো ১৩৫৹ পৰ্যন্ত ঘূৰাব পাৰে। কিন্তু আচৰিতভাৱে ফেঁচাই মূৰটো ৩৬০৹ ঘূৰাই দিব পাৰে।

ফেঁচাৰ দৃষ্টিশক্তি যথেষ্ট তীক্ষ্ণ। নলীৰ দৰে চকু দুটাই ৰাতিৰ আন্ধাৰতো স্পষ্টকৈ দেখা পায়। সেইবাবে বহু দূৰৰ পৰাই চিকাৰ দেখা পোৱাৰ ক্ষমতা আছে।

আন চৰাইৰ থকাৰ দৰে ফেঁচাৰ উৰণৰ কোনো শব্দ নাই। অৰ্থাৎ উৰি ফুৰাৰ সময়ত ফেঁচাৰ পাখিয়ে অলপো শব্দ নকৰে।

ফেঁচাৰ বিষয়ে ভয়ানক তথ্যটো হৈছে ফেঁচাই নিজৰ প্ৰজাতিৰ জীৱক হত্যা কৰে। অৰ্থাৎ ফেঁচাৰ এনে প্ৰকৃতিও আছে যিয়ে আন ফেঁচাবোৰক হত্যা কৰে। আন কোনো চৰাই বা জন্তুৰ ক্ষেত্ৰত সাধাৰণতে এনে কাৰ্য দেখা পোৱা নাযায়।

এটা সময়ত ফেঁচাক যুদ্ধ বিজয়ৰ প্ৰতীকৰূপে ব্যৱহাৰ কৰা হৈছিল। গ্ৰীক দেৱী এথেনাৰ সংগী আছিল ফেঁচা। সেইবাবে হয়তু ফেঁচাবোৰক যুদ্ধ জয়ৰ কাৰণ বুলি বিশ্বাস কৰা হৈছিল।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

1 thought on “আপোনাৰ লগতো হৈছে নেকি এইসমূহ ঘটনা ? ফেঁচাৰ বিষয়ে জানক –”

Leave a Comment