দাঁতৰ বিষ নিৰাময় কৰাৰ ঘৰুৱা উপায় !

WhatsApp Follow

( Home remedies for toothache ) সৰুৰে পৰা দাঁতৰ যত্ন লোৱাৰ কথা আমি বহুবাৰ শুনিছো । প্ৰাপ্তবয়স্ক লোকক চাই দাঁতৰ যত্ন লোৱাৰ বহুতো উপায়ো শিকিলোঁ । কিন্তু যদি দাঁতৰ শিপা বা স্নায়ুৰ ক্ষতি হয় তেতিয়া ই তীব্ৰ বিষৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে । এই সময়ত চকুৰ বিষ, মূৰৰ বিষ আদি বিভিন্ন সমস্যা একেলগে আৰম্ভ হয় ।

দাঁতৰ বিষ বেছি হ’লে বিলম্ব নকৰাকৈ দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো আটাইতকৈ বুদ্ধিমানৰ কাম । কিন্তু কিবা কাৰণত চিকিৎসকৰ ওচৰলৈ যোৱাটো সম্ভৱ নহ’লে বা সেই সময়ত ওচৰতে দন্ত চিকিৎসক নাথাকিলে কি কৰিব ? এনে ক্ষেত্ৰত অতি সহজ ঘৰুৱা উপায়ে দাঁতৰ বিষ সাময়িকভাৱে কমাব পাৰে । তাৰ বিষয়ে জানি লওঁ আহক –

>> বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ ভাল হয়।

>> মৰাণ আদা খুন্দি দাঁতেৰে চোবাই কিছু সময় বিষ হোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ দূৰ হয়।

>> পাঁচটা টা বাদাম খাব লাগে আৰু বাদাম, আদা আৰু নিমখ পিহি বিষোৱা দাঁতত লগাব লাগে।এনে কৰিলে দাঁতৰ বিষ ভাল হয়।

>> পাঁচটা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নাইকিয়া হয়। নাইবা পাঁচটা লং পিহি এগিলাচ পানীত মিশ্ৰণ কৰি মুখ কুলকুলিয়ালে দাঁতৰ বিষ কমে।

>> সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ কৰি দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয়, দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয়।

>> পিপলীৰ গুড়া, ঘিউ আৰু মৌ মিহলাই দাঁত মাজিব লাগে আৰু বিষ হোৱা দাঁতত প্ৰলেপ দিব লাগে।

>> ভেদাইলতাৰ গুটি পিহি দাঁত মাজিলে বিষ কমে।

>> হিং এটুকুৰা দাঁতেৰে কামুৰি ধৰিলে দাঁতৰ বিষ নাইকিয়া হয়।

>> ফিটকিৰি পিহি বিষোৱা দাঁতত লগাব লাগে।

>> কুমলীয়া এচাৰি জুইত সেকি দাঁতেৰে কামুৰি ধৰি থাকিলে বিষ নাইকিয়া হয়।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।

1 thought on “দাঁতৰ বিষ নিৰাময় কৰাৰ ঘৰুৱা উপায় !”

Leave a Comment