সাৱধান ! বজাৰত ওলাইছে নকল কণী, কেনেকৈ চিনিব ?

WhatsApp Follow

শীতৰ বতৰ লাহে লাহে টোকৰ মাৰিছে। এই বতৰত কণী খোৱাটো শৰীৰৰ বাবে উপকাৰী বুলি প্ৰমাণিত হয়। সাধাৰণতে দেখা যায় যে শীতকালত কণীৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে ইহঁতৰ দাম বৃদ্ধি পায়। বহু সময়ত বজাৰত ভুৱা কণী বিক্ৰী কৰাৰ কথাও চৰ্চালৈ আহিয়েই থাকে।

শৰীৰক প্ৰটিন দিয়াৰ পৰিৱৰ্তে এই ভুৱা কণীবোৰে অতি বিপদজনক প্ৰভাৱ দেখুৱায়। যদি আপুনিও জানিব বিচাৰে যে এই ভুৱা আৰু প্ৰকৃত কণীবোৰ কেনেকৈ চিনাক্ত কৰিব পাৰি, তেন্তে ইয়াত কিছুমান সহজ উপায় উল্লেখ কৰা হ’ল যাৰ সহায়ত আপুনি ইয়াক চিনাক্ত কৰিব পাৰিব।

১/ নকল কণী,
ইয়াক চিনাক্ত কৰিবলৈ কণীৰ খোলা যথেষ্ট, যদি আপুনি ভুৱা কণীৰ খোলা জুইৰ সংস্পৰ্শলৈ আনে, তেন্তে ই দ্ৰুতগতিত জুইত লাগি যায়। কাৰণ ই কিবা প্লাষ্টিকৰ দৰে বস্তুৰে তৈয়াৰ কৰা হয়, কিন্তু প্ৰকৃত কণীৰ খোলাটো জুইৰ সংস্পৰ্শলৈ আহিলে জুই নাপায়। প্ৰকৃত কণী এটা জুইত ভৰাই দিলে কিছু সময়ৰ ভিতৰতে ক’লা হৈ পৰে।

২/ শব্দ চিনাক্তকৰণ.
প্ৰকৃত আৰু নকল কণী চিনাক্ত কৰাৰ বাবে এই পদ্ধতিটোৱেই উত্তম বুলি ধৰা হয়। কণীটো হাতত জোকাৰিলে ভুৱা কণীটোৰ পৰা এটা শব্দ আহে, আনহাতে প্ৰকৃত কণীটোৰ লগত এনে নহয়।


আৰু পঢ়ক
>> টোপনিৰ আগতে আঠুৱাৰ তলত নহুৰু থৈ যাদু চাওক
>> গৰ্ভাৱস্থাত এই ৬টা খাদ্য খালে শিশুৰ ছালখন সুন্দৰ হয়


৩/ কুহুম পৰা চিনাক্ত কৰা,
প্ৰকৃত আৰু নকল কণীকো কুহুমৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। প্ৰকৃত কণীৰ কুহুমলৈ চালে ইয়াৰ কুহুম বেলেগ দেখা যাব। আনহাতে নকল কণীৰ কুহুমত বগা তৰল পদাৰ্থ মিহলি হৈ দেখা যাব।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Leave a Comment