আপুনি কিডনী বেমাৰী নেকি, তেন্তে কৰদৈ টেঙা খোৱাৰ আগতে এশবাৰ ভাবক

WhatsApp Follow

( If you have kidney disease , think a hundred times before eating curd ) অসমীয়া খাদ্য শৈলীৰ ভিতৰত কৰদৈ এবিধ অপৰিহাৰ্য্য টেঙাফল যাক আমি সকলোৱে চিনি পাওহঁক । বহুতে ইয়াক কেচাই, চাতনি কৰি জুইচ, জেলি আচাৰ,চৰৱত, চালাদ বা পাচলি হিচাবে ৰান্ধি খায় । অৱশ্যে কেচা কৰদৈ খোৱাতকৈ পকিলেহে সোৱাদ বেছি আৰু গুণকাৰী হয় । ভিটামিন A, B, C , ফাইবাৰ , আইৰন, ফচফ’ৰাচ,জিংক, কেলচিয়াম, পটেচিয়াম , মেগনেচিয়াম, চ’ডিয়াম আদিৰ লগতে অধিক মাত্ৰাত এন্টি অক্সিডেন্ট থাকে ।

কৰদৈ টেঙাৰ উপকাৰিতা

১) পাচনতন্ত্ৰৰবাবে পাচন সম্পৰ্কীয় যিকোনো ৰোগৰ বাবে কৰদৈ বৰ উপকাৰী । অভোক, অৰুচি,বদহজম, কৌষ্ঠকাঠিন্য আদি দুৰ কৰাৰ লগতে বৃহদন্ত্ৰ পৰিস্কাৰ কৰে আৰু পেটৰ অলাগিয়াল পদাৰ্থ দুৰ কৰে ।

২) দেহৰ ওজনহ্ৰাস কৰাবলৈ কৰদৈ টেঙা মহা ফলপ্ৰদ ফল । (অন্য ৰোগ থাকিলে চিকিত্সকক সুধি খাব ) যিসকলৰ বাৰে বাৰে খোৱাৰ ৰুচি থাকে সেইটো উপসম হয় ।

৩) কৰদৈ টেঙাত থকা পৌষ্টিক গুণাগুণসমুহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । দেহৰ ক্লান্তি দুৰ কৰে ।

৪) উচ্চৰক্তাচ্চাপ, কোলেষ্ট্ৰলবৃদ্ধি তথা ডায়েবটিচ ৰোগ নিয়ন্ত্ৰণ কৰে । (চিকিত্সকক সুধি খাব)

৫) হৃদয়ৰোগআৰু কৰ্কট ৰোগৰ বাবে কম মাত্ৰাত কৰদৈ টেঙা খোৱাটো উপকাৰী ।

৬) শ্বাসজনীত যিকোনো ৰোগত কৰদৈ হিতকাৰী৭। অধিক মাত্ৰাত কেলচিয়াম থকাৰ বাবে হাড়,দাঁত বা কেলচিয়ামৰ অভাৱত হব পৰা বিভিন্ন ৰোগৰ বাবে কৰদৈ উপকাৰী ।

৭) সপ্তাহত এবাৰকৈ কৰদৈ আৰু নেমুৰসত জলফাইতেল (oliv oil) বা বাদাম তেল মিহলাই মুৰত ঘহি আধাঘন্টা পিচত ধুই পেলালে চুলি_নিমজ আৰু উফি আদিৰ পৰা ৰোগমুক্ত হয় ।

হানিকাৰু গুণ সমূহ

১) অধিক মাত্ৰাত কেচা বা অতি টেঙা কৰদৈ খোৱাতো হিতে বিপৰীত হব পাৰে । বিশেষকৈ গৰ্ভৱতী মহিলা বা অইন জটিল ৰোগীয়ে বেচিকৈ নাখাব ।

২) কিছু ব্যক্তি বিশেষে বা এলাৰ্জি জনীত কাৰনত প্ৰতিক্ৰিয়া অনুভৱ কৰিলে কৰদৈ নাখাব ।

৩) হৃদয় ৰোগৰ বাবে কৰদৈ খোৱাতো ভাল যদিও কিছুসংখ্যক ৰোগীৰ বাবে হানিকাৰক হ’ব পাৰে । সেয়ে চিকিত্সকৰ পৰামৰ্শ লৈ খাব ।

৪) অস্ত্ৰোপচাৰ বা জটিল কোনো ৰোগত ভুগি থকা ব্যক্তিয়ে চিকিত্সকক নুসুধাকৈ কেতিয়াও কৰদৈ নাখাব । গতিকে বন্ধুসকল, বজাৰত কম মূল্যতে পোৱা ৰাসায়নিক সাৰ ঔষধ বৰ্জিত আৰু শৰীৰৰ বাবে উপকাৰী কৰদৈ টেঙা মাজে মাজে নিশ্চয় খাব ।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।

Leave a Comment