কোন ঘৰত ঈশ্বৰে কন্যা সন্তানৰ জন্ম দিয়ে [ শ্ৰীকৃষ্ণৰ বাণী ]

বন্ধু-বান্ধৱী সকল আপোনালোকে জানেনে কাৰ ঘৰত কন্যা সন্তানৰ জন্ম হয় ? আপোনালোকে জানিলে আচৰিত হ’ব ! বহু মানুহে নাজানে কন্যা সন্তান বহু পূর্ণ পিছত জন্ম হয়। কিছুমান মানুহে ভাৱে কন্যা সন্তান জন্ম হ’লে তেওঁলোকৰ সংসাৰত উন্নতি নহয়। কিন্তু বন্ধু-বান্ধৱী সকল এই হ’ল মূর্খতা, কাৰণ ছোৱালীৰ জন্ম যাৰ তাৰ ঘৰত নহয়। যাৰ ঘৰত কন্যা ৰূপে মা লক্ষ্মী আহে সেই ঘৰ বা ঘৰৰ মানুহ বহুত ভাগ্যৱান। সেই বাবে বন্ধু-বান্ধৱী সকল এই আর্টিকেলটোত কথা পাতিম কোন ঘৰ ভগৱানৰ পছন্দ, কোন পূর্ণৰ বাবে কন্যা সন্তানৰ জন্ম হয় –

এবাৰ ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে সুধিছিল, ” কি কৰ্মৰ ফলত এখন গৃহত কন্যা সন্তানৰ প্ৰাপ্তি হয় “? তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰই উত্তৰ দিছিল, ” যদি কোনো পৰিয়ালত ভাগ্যৰ ফলত পুত্ৰ সন্তান প্ৰাপ্তি হ’ব পাৰে তেন্তে সৌভাগ্যৰ ফলতহে কোনো গৃহত কন্যা সন্তানৰ প্ৰাপ্তি হয়, যি সমস্ত পুৰুষ আৰু নাৰী পূৰ্বজন্মত অধিক পূণ্য সঞ্চিত কৰে তেওঁলোকেহে কন্যা সন্তানৰ মা পিতা হোৱাৰ সৌভাগ্য প্ৰাপ্তি কৰে, কন্যা সন্তান সেই গৃহতে জন্ম হয় যি গৃহই কন্যাৰ ভাৰ সন্তুলিত কৰি ৰাখিব পাৰে “। লগতে তেওঁ কৈছিল, হে অৰ্জুন যিদিনা সৃষ্টিত কন্যা সন্তান জন্ম বন্ধ হ’ব সিদিনা সৃষ্টি ধৰাসায়ী হ’ব আৰু লাহে লাহে সৃষ্টি নিস্তব্ধ হৈ যাব।

বহুতে ভাৱে যে ছোৱালী সন্তানে বেছি পঢ়া শুনা কৰি কি হ’ব, তাতোকৈ সোনকালে বিবাহ দিয়া ভাল, যি এক সম্পূৰ্ণ মিছা আৰু ভ্ৰান্ত ধাৰণা। এবাৰ চিন্তা কৰক এজন মানুহৰ মনত কিমান আশা থাকে যে তেওঁ এইটো কৰিব, সেইটো কৰিব, ডাঙৰ হৈ কি হ’ব আদি ইত্যাদি কিন্তু সেইজন মানুহ যদি কন্যা হয় তেতিয়া বহুজনে সপোনবোৰ পূৰণ কৰাৰ সুবিধাকে নাপায়, সেয়ে প্ৰত্যেক মা দেউতাই কন্যাৰ সপোনৰ লগত ধেমালি কৰা পাপ বুলি ভবা উচিত।

এজন পুত্ৰতকৈ এজনী কন্যা সন্তানে নিজৰ মা দেউতাৰ কথা অলপ হলেও বেছিকৈ ভাবে, চিন্তা কৰে ; সেয়ে কন্যা সন্তানৰ জন্ম হলে সেই গৃহই কন্যা জন্মৰ দিনতো এক উৎসৱ হিচাপে পালন কৰা উচিত। কিয়নো এজনী কন্যা কেতিয়াও নিজৰ দেউতাৰ বোজা নহয়, দেউতাৰ সৌভাগ্যহে।


আৰু পঢ়ক
>> এনে মানুহৰ প্ৰতি সহজতে সন্তুষ্ট হয় মা লক্ষ্মী! দুখীয়া হৈ জন্ম ল’লেও এসময়ত হয় ধনী
>> কালীৰ মূৰ্তি সদায়ে উলংগ কিয় ? শাস্ত্ৰই কি কয় ?


এবাৰ স্বামী বিবেকানন্দই মাতা বিষ্ণু দেৱী মন্দিৰৰ ফালে গৈ আছিল আৰু তেওঁৰ ওচৰৰে এজন ৰোগীয়া কৃষকে তেওঁৰ কন্যাক কান্ধত লৈ মন্দিৰৰ ফালে গৈ থকা প্ৰত্যক্ষ কৰি কৃষক জনক কৈছিল, ”হেৰ’’ তোমাৰ কান্ধত থকা ছোৱালীৰ বোজা হয়তো তোমাৰ বাবে বৰ ভাৰী হৈছে, দিয়া মই তোমাৰ ছোৱালীক কান্ধত লৈ যাম। তেতিয়া সেই ৰোগীয়া কৃষকে স্বামীক উত্তৰ দিছিল, কন্যা কেতিয়াও দেউতাৰ কান্ধৰ বোজা নহয়, কন্যা যদি দেউতাৰ কান্ধত থাকে তেতিয়া দেউতাৰ দেহৰ বোজা কমহে হয়।

Leave a Comment