কেলছিয়ামৰ অভাৱত হ’ব পৰা এই কেইটা সমস্যা জানি লওক

শক্তিশালী হাড়ৰ বাবে কেলছিয়াম অত্যাৱশকীয়। ই তেজ গোট মৰাতো সহায় কৰে। ই শৰীৰৰ বিকাশ আৰু পেশী তৈয়াৰ কৰাত সহায় কৰে। সেউজীয়া শাক পাচলি, দৈ, কাঠবাদাম, আৰু পনীৰ ইয়াৰ সমৃদ্ধ উৎস।

কেলছিয়াম অভাৱত হাইপোকেলচেমিয়া বুলিও কোৱা হয়। যেতিয়া মামুহৰ শৰীৰে পৰ্যাপ্ত কেলছিয়াম নাপায়, তেতিয়া এনে হয়। মানুহে সু-স্বাস্হ্যৰ বাবে কেলছিয়ামৰ গুৰুত্বৰ বিষয়ে অৱগত হোৱা উচিত। যিসকলৰ শৰীৰত কেলছিয়ামৰ অভাৱ আছে, তেওঁলোকে নিজে ঔষধ গ্রহণ কৰিব নালাগে আৰু অধিক পৰিমাণে খাদ্য পৰিপূৰক গ্ৰহণ কৰিব নালা

বয়সৰ সৈতে কেলছিয়ামৰ অভাৱ সচৰাচৰ হয়। শৰীৰৰ বেছিভাগ কেলছিয়াম হাড়ত সংৰক্ষণ কৰা হয়। বয়সৰ সৈতে হাড় পাতল আৰু কম ঘন হৈ যায়। এনে পৰিস্থিতিত শৰীৰক কেলছিয়াম প্ৰয়োজন হয়। কেলছিয়াম সমৃদ্ধ খাদ্য খায় ইয়াৰ অভাৱ পূৰণ কৰিব পাৰি। অনাহাৰ আৰু পুষ্টিহীনতা, হৰমনৰ ব্যাঘাত, অকাল প্ৰসৱ আৰু দুৰ্শোষণৰ ফলতো কেলছিয়ামৰ অভাৱ হব পাৰে।

১/পেশীৰ সংকোচন,
যদি শৰীৰত পৰ্যাপ্ত পৰিমাণৰ হিমোগ্লোবিন আৰু উপযুক্ত পৰিমাণৰ পানীৰ পৰিমাণ থকা স্বত্তেও মানুহে নিয়মীয়াকৈ পেশীৰ সংকোচন অনুভৱ কৰি আছে, তেনেহলে ই কেলছিয়ামৰ অভাৱৰ লক্ষণ।

২/হাড়ৰ ঘনত্ব হ্ৰাস,
মানুহৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে হাড়ৰ খনিজকৰণৰ বাবে কেলছিয়াম অত্যাৱশকীয় হৈ পৰে। কেলছিয়ামৰ অভাৱত মানুহৰ হাড়ৰ স্বাস্থ্যক পোনপটীয়াকৈ প্ৰভাৱিত কৰে আৰু অষ্টিওপোৰোচিছ আৰু হাড় ভঙাৰ আশংকা বৃদ্ধি হব পাৰে।

৩/দুৰ্বল নখ,
নখবোৰ শক্তিশালী হৈ থকাৰ বাবে কেলছিয়ামৰ প্ৰয়োজন। কেলছিয়ামৰ অভাৱৰ বাবে নখবোৰ দুৰ্বল হোৱাৰ লগতে ভাঙিবলৈ আৰম্ভ কৰে।

৪/দাঁতৰ বিষ,
মানুহৰ শৰীৰৰ ৯০শতাংশ কেলছিয়াম দাঁত আৰু হাড়ত সঞ্চিত থাকে। ইয়াৰ অভাৱৰ ফলত দাঁত আৰু হাড়ৰ ক্ষমতা হ্ৰাস হবলৈ ধৰে।


আৰু পঢ়ক
>> ৫ বিধ খাদ্যক কোৱা হয় লিভাৰৰ বন্ধু, এই খাদ্য খালে লিভাৰ কেতিয়াও নহয় নষ্ট
>> চাহ-কফি নহয়, পুৱাই খাওক নেমুপানী, ইয়াৰ উপকাৰিতা জানিলে আপুনিও হ’ব আচৰিত


৫/ঋতুস্ৰাৱৰ সময়ত বিষ,
কেলছিয়ামৰ অভাৱ থকা মহিলাসকলে ঋতুস্রাৱৰ সময়ত তীব্র বিষ অনুভৱ কৰিব পাৰে। কিয়নো পেশীৰ কাৰ্য্যত কেলছিয়ামে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৬/ৰোগ প্ৰতিৰোধকাৰী ক্ষমতাৰ অভাৱ,
কেলছিয়ামে শৰীৰত ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বজাই ৰাখে। যেতিয়া কেলছিয়ামৰ অভাৱ হয়, শৰীৰৰ বীজাণুৰ আক্রমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা হ্ৰাস হয়।

৭) বৰ্ধিত হৃদয়স্পন্দন,
হৃদযন্ত্ৰৰ উন্নত কাৰ্য্যকলাপৰ বাবে কেলছিয়াম অত্যাৱশকীয় আৰু ইয়াৰ অভাৱৰ ফলত হৃদয়স্পন্দন আৰু অস্হিৰতা বৃদ্ধি হব পাৰে। কেলছিয়ামে হৃদযন্ত্রক তেজ যোগান ধৰাত সহায় কৰে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

CopyAMP code

Leave a Comment