প্রেমিকাৰ এই গোপন কথাবোৰ জানিব নোৱাৰে প্রেমিকে

( Lifestyle In Assamese ) আপোনাৰ প্রেমিকা কি আপোনাৰ লগত সকলো কথা শ্বেয়াৰ কৰে ? নে তাইৰ বহু কথা আপুনি নাজানে ! কি ভাবি আছে ব্যক্তিগত কথা আমি উল্লেখ কৰা নাই । সকলোৰে জীৱনত ব্যক্তিগত কিছুমান কথা থাকে সেইবোৰ কোৱা ঠিক নহয়, বা শুধাও ঠিক নহয় । কিন্তু প্রেমিকাৰ এনেকুৱা কিছুমান মজাৰ বিষয় বা কথা থাকে সেইবোৰ কেতিয়াও প্রেমিকাক জানিব নিদিয়ে, আহক তেনেহলে জানো কি সেই কথাবোৰ –

প্রেমিকাৰ বেষ্ট ফ্রেন্ড,
সকলোৱে জীৱনত এজন বেষ্ট ফ্রেন্ড থাকে, যাৰ লগত সকলো কথা খুলি ক’ব পাৰো । ঠিক সেইদৰে আপোনাৰ প্রেমিকাৰো এজন/এজনী বেষ্ট ফ্রেন্ড আছে, আৰু আপোনাৰ প্রেমিকাই তাৰ লগত সকলো কথা শ্বেয়াৰ ! কিছুমান ছোৱালী আছে তাৰ বেষ্ট ফ্রেন্ডৰ কথা তাৰ প্রেমিকৰ আগত লুকাই ৰাখে, কাৰণ তেওঁ জানে যদি মোৰ বেষ্ট ফ্রেন্ডৰ কথা মোৰ প্রেমিকে জানে তেনেহলে আমাৰ সম্পর্কৰ মাজত দূৰত্বৰ সৃষ্টি হ’ব পাৰে । সেই বাবে আপোনাৰ প্রেমিকাৰ বেষ্ট ফ্রেন্ডৰ কথা আপোনাক নকব ।

প্রাক্তন প্রেমিক,
আজিৰ যুগত ক’ব গ’লে প্রায় সকলো ছোৱালীৱে প্রেম কৰে, আৰু প্রেমৰ সম্পর্ক বিচ্ছেদ হয় । এটা কথা মনত ৰাখিব আপোনাৰ প্রেমিকাৰ আগৰ প্রেমিকৰ কথা কেতিয়াওঁ আপোনাক নকব । আৰু যদি কয় তেনেহলে তাৰ অকল ভাল গুণবোৰৰ কথাহে ক’ব, কেতিয়াওঁ তাৰ বেয়া গুণবো‍‍ৰ নকয় ।

গুপ্ত ৰোগ,
মানুহৰ জীৱনত ৰোগ-ব্যাধি থাকে, কিন্তু কিছুমান ৰোগ-ব্যাধি আছে যি কাৰোবাৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে, যদি প্রেমিকও হয় । কিন্তু যেতিয়া প্রেমৰ সম্পর্ক লাহে লাহে ভাল বা মধুৰ হবলৈ ধৰিব তেতিয়া সেই কথাবোৰও আপোনাৰ লগত শ্বেয়াৰ কৰিব ।

Leave a Comment