মহা মৃত্যুঞ্জয় মন্ত্র, পাঠ কৰিলে এই সমূহ সুফল পোৱা যায় !

WhatsApp Follow

এটি মন্ত্ৰ যাৰ দ্বাৰা বহুত কিছু কৰা সম্ভৱ, দুৰাৰোগ্য ব্যাধিৰ পৰা যেনেকৈ মুক্তি লাভ সম্ভৱ ঠিক একেদৰে অকাল মৃত্যুৰ হাতৰ পৰাও এই মন্ত্ৰ পাঠ কৰি ৰক্ষা পোৱা সম্ভৱ ! বেদত এই কথাও উল্লেখ আছে যে কোনোবাই যদি নিয়মীয়া কৈ এই মন্ত্ৰ পাঠ কৰে তেনেহলে সমস্ত ধৰণৰ বিপদৰ পৰা ৰক্ষা পোৱা যায় ।

এই মন্ত্ৰটো সম্পুৰ্ণ সংস্কৃত ভাষাত লিখা আছে কিন্তু মানুহৰ বাবে এই মন্ত্ৰ বহুত ভাষাত ৰূপান্তৰ হৈছে, চাৰিটা শাৰীত বিভক্ত এই মন্ত্ৰৰ প্ৰতিটো শাৰীত আঠ টাকৈ চিহ্ন আছে যাক উচ্চাৰণ কৰোঁতে গোটেই দেহত এটি কম্পন জাগি উঠে আৰু সেই কম্পনত শৰীৰৰ ভিতৰত থকা কোষ কণিকা বোৰ জাগ্ৰত হৈ পৰে, এই মন্ত্ৰ পাঠ কৰিলে স্মৃতি শক্তি বৃদ্ধি হয়।

এই মন্ত্ৰৰ ওপৰত একাধিক গৱেষণা হৈছে। আৰু প্ৰকাশ পাইছে যে এই মন্ত্ৰ পাঠ কৰাৰ পিছত মগজুৰ সমস্ত নিউৰণ সমূহ সক্ৰিয় হৈ পৰে আৰু লাহে লাহে মানুহৰ মনসংযোগ বৃদ্ধি কৰে, বুদ্ধিমত্তা বাঢ়ে, স্মৃতিশক্তি ৰ উন্নতি হয়, আত্মবিশ্বাস ৰ অভাৱ দূৰ কৰে, মনৰ মাজত থকা সুপ্ত প্ৰতিভাক জাগ্ৰত কৰে।

এই মহা মৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰাৰ আগতে ৰাতিপুৱা শুই উঠি স্নান আদি কৰি লোৱা অত্যন্ত গুৰুত্বপূৰ্ণ, স্নান কৰি নিজৰ মন স্থিৰ কৰি ৰুদ্ৰাক্ষ মালাৰ সহায়ত এই মন্ত্ৰ জপ কৰিব লাগে। যি ঠাইত জপ কৰিব সেই ঠাই নিৰিবিলি আৰু কোলাহল মুক্ত হোৱা প্ৰয়োজন, যি ঠাইত এই মন্ত্ৰ পাঠ কৰিব সেই ঠাইত ভগৱান শিৱৰ মূৰ্তি অথবা ছবি কিম্বা শিৱলিংগ অথবা মহা মৃত্যুঞ্জয় যন্ত্ৰ থকা বাঞ্চনীয়। উক্ত স্থানত ধূপকাঠি জ্বলাই প্ৰদীপ প্ৰজলন কৰি আসনত বহি মেৰুদণ্ড পোনাই একাগ্ৰতা সহকাৰে ৰুদ্ৰাক্ষ মালাৰ সহায়ত ১০৮ বাৰ এই মহা মৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিব লাগে।

মহা মৃত্যুঞ্জয় মন্ত্র


ওঁ এ্যম্বকং যজামহে, সুজ্ঞন্ধিং পুষ্টিবৰ্ধনম ।
উৰ্বাৰুকমিববন্ধনামৃত্যোৰ্মুক্ষীয় মামৃতাৎ ।


এই মন্ত্ৰ পাঠ কৰোতে প্রথমতে অসুবিধা হলেও দৈনিক যেতিয়া পাঠ কৰিব উচ্চাৰণৰ আসোঁৱাহ দূৰ হৈ পৰিব। মন্ত্ৰ পাঠ কৰোতে কিন্তু দুই চকুৰ মাজত ধ্যান ৰখা দৰকাৰী। আৰু এই মন্ত্ৰ সম্পূৰ্ণ আস্থা আৰু মনোযোগ দি শুনিলেও বহু সুফল পোৱা যায়। নিয়মিত ২১ দিন এই মন্ত্ৰ পাঠ কৰক তাৰ পিছতে সুফল পোৱা আৰম্ভণি হ’ব।

Leave a Comment