৩০ বছৰ ধৰি পুৰুষৰ প্ৰৱেশ নিষিদ্ধ, তথাপিও এই গাঁৱত মহিলাই গৰ্ভধাৰণ কৰে !

Daily Job Update Follow

৩০ বছৰ ধৰি কোনো পুৰুষে গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে। সেই গাঁৱৰ মহিলাসকলে গৰ্ভধাৰণ কৰি আছে ! বিশ্বাস কৰিব নোৱাৰি আফ্ৰিকাৰ এখন গাঁৱত এই ধৰণৰ ঘটনাবোৰ ঘটি আছে।

গাঁওখনৰ নাম উমোজা। দক্ষিণ আফ্ৰিকাৰ ঘন অৰণ্যৰ এই গাঁওখনত কেৱল মহিলাসকলেহে বাস কৰে। এই গাঁৱত প্ৰায় ২৫০ গৰাকী মহিলা আছে। ১৯৯০ চনত ১৫ গৰাকী মহিলাই প্ৰতিষ্ঠা কৰা এই গাঁওখন। ব্ৰিটিছ সৈন্যই এই ১৫ গৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ।

তেতিয়াৰ পৰাই সেই মহিলাসকলৰ মনত পুৰুষৰ প্ৰতি ঘৃণা বাঢ়ি যায়। ঘন হাবিত এখন গাঁও সাজিলে। তাত নিৰ্যাতিত মহিলাসকলক ৰখা হয়। একে সময়তে পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ।

য’ত পুৰুষক একেবাৰে সোমাব দিয়া নহয় তাত মহিলা কেনেকৈ গৰ্ভৱতী হয় ? এই প্ৰশ্নটো স্বাভাৱিকতে আহিব। যদিও পুৰুষৰ প্ৰৱেশ নিষিদ্ধ, তথাপিও বহু পুৰুষে নিশা এই গাঁৱত লুকাই চুৰকৈ সোমাই আহে। নাৰীয়ে নিজৰ মাজৰ পৰাই নিজৰ পছন্দৰ মানুহৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি তোলে।

গৰ্ভধাৰণৰ পিছত সেই মানুহজনৰ লগত তেওঁলোকৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে। নাৰীয়ে সন্তান জন্ম দিয়ে আৰু নিজে ডাঙৰ-দীঘল কৰে।

Leave a Comment