পুৰণি কালত এখন খুবেই ধুনীয়া ৰাজ্য আছিল আৰু ৰাজ্যখনৰ ৰজাজন খুব উদাৰ, ধাৰ্মিক আৰু প্ৰজাৰ প্ৰতি মৰমীয়াল আছিল। প্ৰজাসকলৰ সুবিধা আৰু সুৰক্ষাৰ বাবে তেওঁ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। এবাৰ তেওঁ এটা বিশেষ অপৰাধৰ শাস্তি হিচাপে অপৰাধীক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়াৰ নিৰ্ণয় ল’লে আৰু সেইমতে বহু দুষ্টক বাহিৰো কৰিলে । কিন্তু দুৰ্ভাগ্যবশত ৰজাৰ দ্বাৰাও সেই অপৰাধটো হৈ গ’ল। ৰজাই ইচ্ছা কৰিলে কথাটো লুকুৱাই ৰাখিব পাৰিলেহেঁতেন। কিন্তু তেওঁ সত্যবাদী আছিল। পিছদিনা পুৱা দুখীমনেৰে তেওঁ ৰাজ দৰবাৰত সকলোৰে সমুখতে নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰিলে। আৰু স্পষ্টকৈ নিৰ্দেশ দিলে যে মই অপৰাধী গতিকে মোক এই অপৰাধৰ শাস্তি প্ৰদান কৰিব লাগে।
কিন্তু ৰাজদৰবাৰৰ কোনো এজন সদস্যই এনে এজন সুদক্ষ ৰজাক ৰাজ্যৰ পৰা নিৰ্বাসিত কৰিব বিচৰা নাছিল। কিন্তু ৰজা নিজৰ সিদ্ধান্তত অটল আছিল। তেওঁ কৈছিল , যদি ৰাজ্যৰ নিয়ম ময়েই উলংঘা কৰোঁ তেন্তে প্ৰজাই সেইবোৰ কিদৰে পালন কৰিব ? শেষত উপায়ন্তৰ হৈ এই সিদ্ধান্তত উপনীত হ’ব লগা হ’ল যে ৰজাক ৰাজ্যৰ পৰা নিৰ্বাসিত কৰা হ’ব। কিন্তু এতিয়া প্ৰশ্ন হ’ল পৰৱৰ্তী ৰজা কোন হ’ব ? সেইখন ৰাজ্যত প্ৰজাৰ মাজৰে এজন সুযোগ্য ব্যক্তি ৰজাৰ আসনত বহাৰ প্ৰথা আছে। গতিকে তেনে এজন ব্যক্তি নিৰ্বাচিত নোহোৱা পৰ্যন্ত বৰ্তমানৰ ৰজাকেই কাৰ্যভাৰ চম্ভালিবৰ বাবে অনুৰোধ কৰিলে।
সেই ৰাজ্যখনত নিৰ্বাচনৰ বাবে ভোটদানৰ প্ৰক্ৰিয়া গ্ৰহণযোগ্য নহয়। কাৰণ তেওঁলোকে ভাবে যে কাৰোবাক প্ৰলোভন দি বা ভুৱা প্ৰতিশ্ৰুতিৰে ভোলাই অযোগ্য কোনোবাজনো জয়ী হৈ যাব পাৰে। যিজনে প্ৰকৃততে নিজৰ যোগ্যতা প্ৰমাণ কৰিব তেঁৱেই জয়ী বিবেচিত হয়।সেই সময়ৰ ৰাজ্যখনৰ মন্ত্ৰীজনো খুবেই বুদ্ধিমান আছিল। তেওঁ নিৰ্বাচনৰ দিন নিৰ্ধাৰণ কৰিলে আৰু ৰাজ্যত ঘোষণা কৰোৱালে যে যিজনে সেইদিন পুৱা ১০ বজাত সৰ্বপ্ৰথমে ৰজাক সাক্ষাৎ কৰিব, তেওঁকেই ৰজা পতা হ’ব। ৰাজপ্ৰাসাদটো মূল চহৰৰ পৰা ২ মাইল আঁতৰত এটা শিলৰ পাহাৰৰ ওপৰত আছিল।
নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে প্ৰাসাদৰ সকলো দুৱাৰ খুলি দিয়া হ’ল। দুৱাৰৰ সকলো চিপাহী আঁতৰাই দিয়া হ’ল। ৰজা বহাৰ ঠাইখিনিও মুকলিকৈ ৰখা হ’ল আৰু এই কথা সকলোতে জনাজাত কৰি দিয়া হ’ল। নিৰ্বাচনৰ দুদিন পূৰ্বে মূল চহৰখন খালী কৰোৱাই ধুনীয়াকৈ সজাই তোলা হ’ল। ভোগ বিলাসৰ সকলো সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ গ্ৰহণ কৰিব পৰাকৈ চহৰৰ ঠায়ে ঠায়ে ৰখা হ’ল। ক’ৰবাত নানা প্ৰকাৰৰ খাদ্য, ক’ৰবাত খেল উপভোগৰ ব্যৱস্থা, ক’ৰবাত জিৰণি ল’বৰ বাবে সুকোমল বিচনা, ক’ৰবাত আকৌ সুন্দৰ অলংকাৰ আভুষণ সম্পূৰ্ণ বিনামূলীয়াকৈ পাইছিল। সুন্দৰ মহিলাসকলে সকলোৰে সেৱা সৎকাৰ কৰিছিল। ঠায়ে ঠায়ে ৰাজকীয় দাসসকলে শীতল পানীয়ৰো যোগান ধৰিছিল।
আতৰ আৰু চন্দন চটিয়াই চহৰখন সুগন্ধিময় কৰি তোলা হৈছিল। নিৰ্বাচনৰ দিনা সকলোকে চহৰত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হয়। সুশোভিত চহৰখনৰ ৰূপ দেখি সকলোৰে চকু থৰ হৈ ৰ’ল। চাৰিওফালৰ ব্যৱস্থাই সকলোকে মোহিত কৰিলে। কোনোবাই যদ বিনামূলীয়া চৰবত খোৱাত লাগিল,কোনোবা চিনেমা চাবলৈ গ’ল। কোনোবা মিঠাই খোৱাত ব্যস্ত , কোনোবা গহনা পচন্দ কৰাত। কোনোবাই আকৌ সুন্দৰী গাভৰুৰ সৈতে সময় অতিবাহিত কৰাত মগ্ন। ইফালে দুদিন আগতেই সকলোৰে সন্মুখত ঘোষণা কৰা হৈছিল যে ৰজাক সাক্ষাৎ কৰাৰ সঠিক সময় পুৱা ১০ বজা। ইয়াৰ পিছত কোনোবা গ’লে গ্ৰহণযোগ্য নহয়। এটা নিৰ্দিষ্ট সময়ৰ পিছত এই ব্যৱহস্থা সমূহো আঁতৰাই দিয়া হ’ব। কিন্তু জাকজমকতা আৰু বিনোদনৰ সামগ্ৰীবোৰে সকলোৰে মনত লালসা জগালে। ৰজাক লগ কৰাৰ কথাষাৰ যেন সকলোৱে আওকাণ কৰিবলৈ ল’লে। কোনোৱে ভাবিলে বাকীসকল যাওক , মই দৌৰি গৈ তেওঁলোকতকৈ আগতে উপস্থিত হ’ম।
কোনোৱে ভাবিলে বহুত সময় আছে হাতত লাহে লাহে লাহে গ’লেও হ’ব। কোনোৱে আকৌ ভাবিলে এই সুবিধাবোৰ পাওঁ তেই লৈ লওঁ নহ’লে কেনেবাকৈ ৰজাৰ আসন নাপালে এইবোৰ সুবিধাও হাতৰ পৰা যাব। কিছু লোকে ৰাজভাৰ দিয়া কথাটো উপহাস কৰিবলৈ ধৰিলে যে এইবোৰটো মিছাকৈ কোৱা হৈছে যাতে আমি এই লাহ বিলাহৰ সামগ্ৰীবোৰ ভোগ নকৰোঁ। মাত্ৰ দুই এজনেহে সাহস কৰি চহৰৰ টৰা ওলাই ৰাজপ্ৰাসাদৰ ফালে খোজ লৈছিল। কিন্তু অলপদূৰ গৈয়েই শিলৰ খলা বমা পথ, পাহাৰৰ উচ্চতা আৰু চহৰৰ সুন্দৰতাই তেওঁলোকৰ মন সলনি কৰিছিল। আৰু তেওঁলোকো উভতি আহিল।
সময় ১০ বাজিল। কিন্তু ৰজাৰ ওচৰত এজনো ব্যক্তি উপস্থিত নহ’ল। ৰজা অকলেই দুখমনেৰে বহি থাকিল। কিন্তু প্ৰধান মন্ত্ৰী খুব সুখী হ’ল যে তেওঁৰ পৰিকল্পনা সফল হ’ল। কোনো এজন সুযোগ্য ব্যক্তি নোলাল বাবে সেই ৰজাজনেই ৰাজশাসন চলাই যাবলৈ বাধ্য হ’ল।
এই কাহিনীটো যদিও কাল্পনিক। মানুহৰ জীৱনৰ লগত ইয়াৰ সাদৃশ্য আছে। আমিও সৰু সৰু ফূৰ্তিবোৰৰ বাবে আমাৰ লক্ষ্য আৰু উজ্জ্বল ভৱিষ্যতৰ পথৰ পৰা বিচলিত হৈ যাওঁ। সকলোৱে জানে যে কিবা এটা কৰাৰ এটা নিৰ্দিষ্ট সময়সীমা থাকে। তথাপিও ক্ষন্তেকীয়া সুখবোৰৰ কাৰণে আমি অবাবত সময় নষ্ট কৰোঁ । শিক্ষাৰ্থী সকলৰ ক্ষেত্ৰতো তেনেকুৱা হয়। পৰীক্ষাৰ আগত হাতত যিখিনি সময় থাকে, সেইখিনি ম’বাইল, টিভি চাই বা ঘূৰি ফুৰি নষ্ট কৰি দিয়ে আৰু পঢ়িম পঢ়িমকৈ ৰৈ যায়। শেষত কেৱল অনুশোচনা কৰাৰ বাদে একো উপায় নাথাকে।
সকলো জনাৰ পিছতো আমি বাৰে বাৰে একেই ভুল কৰোঁ কাৰণ আমাৰ নিজৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে। এয়া এইবাবেই হয় কাৰণ আমি কেতিয়াও নিজৰ অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাৰ কথাটোত গুৰুত্বই নিদিওঁ। আমি নিজেই মনটোক সৰু সৰু সুখবোৰতে উৰি ফুৰিবলৈ এৰি দিওঁ। সেইবাবে মনটোৱে ডাঙৰ আনন্দ লাভ কৰাৰ প্ৰয়াসেই নকৰে। আমি সকলোৱে জানো যে এটা নিৰ্দিষ্ট সময়ত আমাৰ জীৱনটোও শেষ হৈ যাব। কিন্তু আমি কিমানজনে আমাৰ দায়িত্ববোৰ সময়মতে সম্পূৰ্ণ কৰোঁ ? সময় গৈ আছে। আৰু সৰু সৰু ফূৰ্তিবোৰত ব্যস্ত থাকি আমি আমাৰ উজ্জ্বল ভৱিষ্যতৰ দিশে চাবলৈও পাহৰিছোঁ।