বৈবাহিক জীৱন সুখৰ কৰিবলৈ‌ মহাদেৱক‌ এই ফুল অৰ্পণ কৰক

WhatsApp Follow

( Offer this flower to Lord Shiva to make your marriage happy ) মহাদেৱৰ প্ৰিয় মাহৰ আৰম্ভণি হ’ল । ভগৱান শিৱক প্ৰসন্ন কৰিবলৈ-ভক্তসকলে সম্পূৰ্ণ ভক্তি ভাবেৰে মহাদেৱৰ পূজা কৰে । ২০২২বৰ্ষৰ শাওণৰ মাহ-১৮ জুলাই পৰা আৰম্ভ হ’ল । পৌৰাণিক মান্যতা অনুসাৰে ভগৱান শিৱক-জলাভিষেক-ৰুদ্ৰাভিষেক কৰাৰ বিশেষ মহত্ব আছে । কোৱা হয় যে-যদি মহাদেৱক তেওঁৰ প্ৰিয় বস্তু অৰ্পণ কৰা হয়-তেতিয়া সকলো মনৰকামনা পূৰ্ণ কৰে । মনৰ ইচ্ছাৰ দৰে ফলৰ প্ৰাপ্তিৰ বাবে-মহাদেৱৰ পূজাত মহাদেৱৰ প্ৰিয় ফুল অৰ্পণ কৰিলে-বহু লাভ পোৱা যায় ।

খৰিকাজাই ফুল –
বিবাহৰ সম্বন্ধে জড়িত-সমস্যা দূৰ কৰিবলৈ-শাওণ মাহত খৰিকাজাই ফুল মহাদেৱক অৰ্পণ কৰিব লাগে । মান্যতা অনুসাৰে ইয়াৰ দ্বাৰা বিবাহিত অহা বাধা শেষ হয় । ভাল জীৱনসংগী পাবৰ বাবে-খৰিকাজাই ফুল মহাদেৱক অপৰ্ণ কৰিব লাগে । ইয়াৰ দ্বাৰা বৈবাহিক জীৱন সুখৰ হয় ।

বক ফুল –
মান্যতা অনুসাৰে-শাওণ মাহত ভোলানাথক-বক ফুল অৰ্পণ কৰিলে মান-সন্মান প্ৰাপ্ত হয় । জ্ঞানৰ বৃদ্ধি হয় । গ্ৰন্থ অনুসাৰে- অগষ্ঠ মুনিয়ে-এই ফুল গছৰ তলত বহি তপস্যা কৰিছিল । সেইবাবে এই ফুলৰ নাম অগষ্ঠ (বক ফুল) হ’ল ।

কমল –
ধন প্ৰাপ্তিৰ বৰদানৰ বাবে-ভোলানাথক শাওণ মাহত কমল পুষ্প অৰ্পণ কৰিব লাগে । মহাদেৱৰ পূজাত বগা কমল অৰ্পণ কৰাটো উত্তম । আৰ্থিক সংকট দূৰ হয়। ধন লাভৰ বাবে মহাদেৱক বেলপত্ৰ অৰ্পণ কৰিব লাগে ।

ধতুৰাৰ ফুল –
সন্তান সুখৰ প্ৰাপ্তৰ বাবে-শাওণ মাহত-ধতুৰাৰ ফুল বিশেষকৰি শিৱলিংগত অৰ্পণ কৰিব লাগে । পৌৰাণিক কথা অনুসাৰে-ধতুৰাৰ ফুল-সমুদ্ৰ মন্থনত মহাদেৱে বিষ পান কৰাৰ পাছত-মহাদেৱৰ বুকুৰ পৰা ধতুৰা ফুলৰ উৎপন্ন হৈছিল । কোৱা হয়-ধতুৰা আৰু ধতুৰাৰ ফুল-মহাদেৱৰ পূজাত অৰ্পণ কৰিলে-ঈৰ্ষাৰ ভাৱনা শেষ হয় ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

2 thoughts on “বৈবাহিক জীৱন সুখৰ কৰিবলৈ‌ মহাদেৱক‌ এই ফুল অৰ্পণ কৰক”

Leave a Comment