টোপনিৰ আগতে আঠুৱাৰ তলত নহুৰু থৈ যাদু চাওক

খাদ্যত নহুৰু মিহলাই সোৱাদ কেইবাবাৰো বৃদ্ধি পায়। মাংসেই হওক বা সাধাৰণ তৰকাৰী হওক, অলপ নহুৰুয়ে বহুখিনি সহায় কৰে। কিন্তু সোৱাদৰ উপৰিও বহুতে জানে যে নহুৰু স্বাস্থ্যৰ বাবে উপকাৰী।

কিন্তু আপুনি জানেনে যে নহুৰু নাখালেও কেৱল আঠুৱাৰ তলত নহুৰু এটুকুৰা দিলেই উপকাৰী হ’ব পাৰে। হৃদযন্ত্ৰৰ সমস্যাৰ পৰা যকৃতৰ সমস্যালৈকে নহুৰুয়ে ঔষধৰ দৰে কাম কৰে। তেজ পৰিষ্কাৰ কৰাৰ লগতে ধমনী পৰিষ্কাৰ কৰি ৰখাত নহুৰু অতি উপযোগী।

বিশেষজ্ঞসকলৰ মতে, নহুৰুয়ে এন্টিবায়টিক হিচাপেও কাম কৰে। ফলত খালী পেটত এটুকুৰা কেঁচা নহুৰু খালে ৰক্তচাপ নিয়ন্ত্ৰণ হয়। কেঁচা নহুৰু খালে হজম আৰু ডায়েবেটিছৰ বাবেও উপকাৰী। কিন্তু কেৱল খালেই নহয়, নহুৰুৰ সংস্পৰ্শলৈ আহিলে এনে বহুতো উপকাৰীতা আছে। গতিকে ৰাতি আঠুৱাৰ তলত কেঁচা নহুৰু এটা লৈ শুব।


আৰু পঢ়ক
>> গৰমৰ দিনত কিমান লিটাৰ পানী খাব লাগে ? কম খালে কি কি ক্ষতি হয় ?
>> শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে এই ৬টা লক্ষণে বুজিব পৰিব !


সৰ্বভাৰতীয় স্বাস্থ্যৰ এটা ৱেবচাইটৰ প্ৰতিবেদন অনুসৰি শুই থকাৰ সময়ত আঠুৱাৰ তলত নহুৰু এটা ৰাখিলে হতাশাৰ পৰা উপশম পোৱাত সহায়ক হয়। নেতিবাচক চিন্তাবোৰ আঁতৰত থাকে, আৰু মনটো ভাল হয়। অনিদ্ৰাত ভুগিলেও এই ট্ৰিকটো ব্যৱহাৰ কৰি চাব পাৰে। শুই থকাৰ সময়ত আঠুৱাৰ তলত নহুৰু এটুকুৰা ৰাখিলে বাতবিষৰ বিষৰ পৰা আঁতৰি থাকিবলৈ উপকাৰী।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

CopyAMP code

2 thoughts on “টোপনিৰ আগতে আঠুৱাৰ তলত নহুৰু থৈ যাদু চাওক”

Leave a Comment