২৫ বছৰ বয়সত ২২টা সন্তানৰ মাতৃ, জানক সবিশেষ

এগৰাকী ৰাছিয়ান মহিলা। বৰ্তমান ২২টা সন্তানৰ মাতৃ। কিন্তু ইমান সোনকালে বন্ধ কৰিব নিবিচাৰে। ৮০ টাতকৈ অধিক সন্তান বিচাৰে। ক্ৰীষ্টিনা অজটুৰ্ক আৰু তেওঁৰ কোটিপতি স্বামী গালিপৰ ২২টা সন্তানৰ পিতৃ-মাতৃ।

১৭ বছৰ বয়সত ক্ৰীষ্টিনা অজটুৰ্কে প্ৰথম সন্তানক আদৰণি জনায়। ক্ৰীষ্টিনাই নিজৰ ২১টা সন্তানক চেৰ’গেচিৰ জৰিয়তে আদৰণি জনায়। সোনকালে আৰু সন্তান বিচাৰে ! সেয়ে তেওঁ এই পদক্ষেপ লৈছিল। যোৱা বছৰ এটা সাক্ষাৎকাৰত ক্ৰীষ্টিনাই কৈছিল যে তেওঁ ১০৫টা সন্তান জন্ম দিব বিচাৰে। ইমানবোৰ ল’ৰা-ছোৱালীক একেলগে ডাঙৰ-দীঘল কৰাটো কেনেকুৱা হয় সেই বিষয়েও তাই কয়।

তেওঁ ক’লে, ‘মই সদায় ল’ৰা-ছোৱালীৰ লগত আছো। এজনী স্বাভাৱিক মাতৃয়ে যি কৰে ময়েই কৰো। মই এখন ডাঙৰ জাহাজ চলাওঁ। মোৰ সান্তৰা প্ৰতিদিনে ৰাতি ৮ বজাৰ পৰা পুৱা ৬ বজালৈ শুই থাকে। ল’ৰা-ছোৱালীৰ জীৱনৰ প্ৰতিটো কথা ডায়েৰীত লিখোঁ।

এই সাক্ষাৎকাৰত ক্ৰীষ্টানাৰ স্বামী গালিপেও অংশগ্ৰহণ কৰিছিল। তেওঁৰ সংগীৰ বিষয়ে তেওঁ কৈছিল, ‘তেওঁৰ লগত থকাটো বৰ সহজ। তেওঁৰ মুখত সদায় হাঁহি থাকে। তাই একে সময়তে লাজ লগা আৰু ৰহস্যময়ী। মই নিজৰ বাবে এনে এগৰাকী পত্নী বিচাৰিছিলো।

প্ৰথম অৱস্থাত দম্পতীহালে প্ৰতি বছৰে এটা সন্তান জন্ম দিব বিচাৰিছিল। কিন্তু ক্ৰীষ্টিনাই সোনকালেই বুজি পালে যে তাইৰ শৰীৰে হেঁচা ল’ব নোৱাৰে। গতিকে তেওঁলোকে চেৰ’গেচিৰ ফালে মুখ কৰে। প্ৰতিটো শিশুৰ খৰচ প্ৰায় ১০ হাজাৰ ডলাৰ !

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

CopyAMP code

Leave a Comment