যি ভক্তই এই ব্রত সম্পূর্ণ কৰিব সেইজনৰ অপাৰ ধনৰ প্রাপ্তি হ’ব !

WhatsApp Follow

এখন গাঁওত এজন দৰিদ্ৰ ব্ৰাহ্মণ আছিল।তেওঁ নিয়মিত ভাৱে ভগৱান বিষ্ণুৰ পূজন কৰিছিল। ব্ৰাহ্মণৰ ভক্তিত প্ৰসন্ন হৈ-ভগৱান বিষ্ণুৱে ব্ৰাহ্মণক দৰ্শন দিলে আৰু নিজৰ মনৰকামণা বিচাৰিবলৈ কলে। বাহ্মণে-দেৱী লক্ষ্মীৰ নিবাস নিজৰ ঘৰত হয়-এনে ইচ্চাৰ কথা কলে।ব্ৰাহ্মণৰ কথা শুনি ভগৱান বিষ্ণুৱে-দেৱী লক্ষ্মীৰ প্ৰাপ্তিৰ সৰল মাৰ্গ ব্ৰাহ্মণক কলে।

ভগৱান বিষ্ণুৱে কলে-মন্দিৰৰ সন্মুখলৈ এগৰাকী স্ত্ৰী আহে। যি মন্দিৰলৈ আহি মন্দিৰ মুহাৰে। তুমি তেওঁক নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰিবা। সেই স্ত্ৰীয়ে দেৱী লক্ষ্মী হয়। দেৱী লক্ষ্মী তোমাৰ ঘৰলৈ যোৱাৰ পাছত-তোমাৰ ধন-ধানেৰে ভৰি পৰিব।

এয়া কয় ভগৱান বিষ্ণু গুচি গল।পাছদিনা পুৱা ৪বজাতে বাহ্মণে মন্দিৰৰ সন্মুখত বহিল।লক্ষ্মীও মন্দিৰ মুহাৰিবলৈ আহিল।তেতিয়া ব্ৰাহ্মণে-দেৱী লক্ষ্মীক নিজৰ ঘৰলৈ আহিবলৈ নিবেদন কৰিলে।ব্ৰাহ্মণৰ কথা শুনি দেৱী লক্ষ্মীয়ে বুজিলে-এই সকলোবোৰ ভগৱান বিষ্ণুৰ কোৱাত হৈছে।


আৰু পঢ়ক
>> শনিৰ কোপদৃষ্টি পৰিছে নেকি ? শনি দেৱৰ আশীষ লাভৰ কেইটামান বিশেষ উপায়
>> হনুমান চালীশা পাঠ কৰাৰ গুৰুত্ব !


দেৱী লক্ষ্মীয়ে-ব্ৰাহ্মণক কলে-তুমি মহালক্ষ্মী ব্ৰত কৰা। ষোল্ল দিনলৈ ব্ৰত কৰিলে-ষোল্ল দিনৰ দিনা ৰাত্ৰী চন্দ্ৰমাক অঘ্য দিলে তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ’ব।

ব্ৰাহ্মণে – দেৱীয়ে কোৱাৰ দৰে-ব্ৰত আৰু পূজন কৰিলে আৰু দেৱীক উত্তৰ দিশৰ ফালে মুখ কৰি মাতিলে। দেৱী লক্ষ্মীয়ে নিজৰ বচন পূৰ্ণ কৰিলে। সেই দিন ধৰি এই ব্ৰত সম্পূৰ্ণ শ্ৰদ্ধাৰে কৰা হয়।যি ভক্তই এই ব্ৰত সম্পূৰ্ণ শ্ৰদ্ধাৰে কৰে-সেইজনাৰ অপাৰ ধনৰ প্ৰাপ্তি হয়।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

1 thought on “যি ভক্তই এই ব্রত সম্পূর্ণ কৰিব সেইজনৰ অপাৰ ধনৰ প্রাপ্তি হ’ব !”

Leave a Comment