অমিতা যিমান উপকাৰী, তাতোকৈ দুগুণ উপকাৰী অমিতা গছৰ পাত ! জানি লও আহক কি কি ?

WhatsApp Follow

The leaves of the pomegranate tree are twice as beneficial as the pomegranate! Let’s find out what they are

অমিতাৰ প্ৰচুৰ পৰিমানে স্বাস্থ্য উপকাৰী আৰু ৰোগ নিৰাময় ক্ষমতা থকা হেতুকে আমাৰ যথেষ্ট প্রিয় । সাধাৰণতে আমি কেঁচা অমিতা পাচলি হিচাপে আৰু পকা অমিতা ফল হিচাপে খাঁও আৰু ই আমাৰ দেহৰ বাবে যথেষ্ট উপকাৰী, এই বিষয়ে আমি সকলোৱে জানো । কিন্তু আমি আজি অমিতা গছৰ পাতৰ উপকাৰীতাৰ বিষয়ে কম ৷ আপুনি হয়তো ভাবি আচৰিত হৈছে যে ই আমাৰ বাবে কেনেকৈ উপকাৰী ৷

অমিতা গছৰ পাত ফলতকৈয়ো ১৫ গুণ বেছি স্বাস্থ্য উপকাৰী বুলি বহু চিকিৎসকে দাবী কৰিছে । অমিতা গছৰ পাতত থকা সক্ৰিয় ৰাসায়নিক মিশ্ৰণ এলকালয়ড আৰু ফেনলইড সমূহৰ আছে ভাবিব নোৱাৰা স্বাস্থ্য উপকাৰী গুণ । এলকালয়ড আৰু ফেনলইড সমূহে মানুহৰ দেহত এণ্টি-স্পাষ্মদিক, এণ্টি-ইনফ্লেমেটৰী, এনালজেছিক, এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-অক্সিডেণ্ট হিচাপে কাম কৰিব পাৰে ।

আহক জানো অমিতা গছৰ পাতৰ উপকাৰিতাসমূহ –

১) তাৰোপৰি অমিতা গছৰ পাতত তেজৰ প্লেটলেট বৃদ্ধি কৰিব পৰা গুণ আছে যিটো ডেংগু-জ্বৰ হোৱা লোকৰ বাবে অতি প্ৰয়োজন । অমিতা গছৰ পাতত কেঞ্চাৰ আৰু মেলেৰিয়া জ্বৰ প্ৰতিৰোধ ক্ষমতাও আছে ।

২) অমিতা আৰু ইয়াৰ গছৰ পাতৰ সক্ৰিয় জৈৱিক মিশ্ৰণ পেপেইন, কাইম’পেপেইন (ফলত) এচর্বিক এচিড, চাইনজেনিক গ্লুকচাইড, চিচ্টেটিন, গ্লূকচিনলেট আদি পোৱা যায় । ইয়াৰে পেপেইন আৰু কাইম’পেপেইনে আমি খোৱা খাদ্যৰ প্ৰ’টিন খিনি সহজতে হজম কৰাৰ লগতে পেটৰ বদহজম দূৰ কৰে ।

৩) অমিতাৰ পাতত মানৱ দেহৰ ইনচুলিন হৰমন সক্রিয় কৰি ৰখাৰ ক্ষমতা আছে । সেয়ে পাতৰ ৰস সময়ে সময়ে খালে ডায়েবেটিছ ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি ।

৪) অমিতাগছৰ পাতৰ ৰস সেৱন কৰিলে জণ্ডিচ ৰোগ আৰু চিৰহচিছ লিভাৰ আৰু ফেঁটি লিভাৰৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি ।

৫) অমিতাৰ পাতৰ ৰসাল এণ্টী-অক্সিডেন্ট সমূহে দেহৰ অক্সিডেটিভ ষ্ট্ৰেছ দূৰ কৰিব পাৰে ।


আৰু পঢ়ক
>> গেছৰ সমস্যা‌ দূৰ কৰিবলৈ এই ঘৰুৱা উপায়বোৰ জানোঁ আহক
>> ৮ টা অভ্যাসে সম্পুৰ্ণ ভাৱে নষ্ট কৰিব আপোনাৰ কিডনী।


৬) অমিতা স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেয়া হয়তো সকলোৱেই জানে । পেটেই হওক বা ছাল-চুলিয়েই হওক, স্বাস্থ্য আৰু সৌন্দৰ্য দুয়োবিধতে অতি উপকাৰী অমিতা ।

৭) অমিতাৰ পাতৰ পৰা ৰস উলিয়াই বা পাতেৰে চাহ তৈয়াৰ কৰি অথবা পাচলি হিচাপে খাব পাৰে ।

৮) অমিতা গছৰ পাতত থকা সক্ৰিয় ৰাসায়নিক মিশ্ৰণ এলকালয়ড আৰু ফেনলইডসমূহৰ আছে ভাবিব নোৱাৰা স্বাস্থ্য উপকাৰী গুণ । এলকালয়ড আৰু ফেনলইড সমূহে মানুহৰ দেহত এন্টী-স্পাষ্মদিক, এন্টী-ইনফ্লেমেটৰী, এনালজেছিক, এন্টী-বেক্টেৰিয়েল আৰু এন্টী-অক্সিডেন্ট হিচাপে কাম কৰিব পাৰে ।

৯) অমিতা গছৰ পাতত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, চডিয়াম, মেগনেছিয়াম, আইৰন আৰু মেগনেছিয়াম আদি খনিজ লৱন থাকে, যিবোৰ দেহৰ বাবে প্রয়োজনীয় ।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।

Leave a Comment