চাকৰি নাছিল, সেয়ে ৫ হাজাৰ টকাৰে মাছৰুমৰ খেতি আৰম্ভ কৰিলে, এতিয়া তেওঁৰ বাৰ্ষিক উপাৰ্জন ২৫ লাখ টকা

WhatsApp Follow

এই ল’ৰাটোৱে কেৱল ভেঁকুৰ বিক্ৰী কৰিয়েই লাখ লাখ টকা উপাৰ্জন কৰি আছে, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে সহজেই সপোন পূৰণ কৰিব পাৰে। নিবনুৱা সমস্যাৰ বাবে চাকৰি বিচাৰি থাকে বহু লোকে। কিন্তু এজন ব্যক্তিয়ে এম বি এৰ চাকৰি এৰি মাছৰুম খেতি কৰি মাহে লাখ লাখ টকা উপাৰ্জন কৰি আছে।

তেনে এজন ব্যক্তি হৈছে বিহাৰৰ নৱাদাৰ বাসিন্দা মনোজ কুমাৰ। পঢ়া-শুনা সমাপ্ত কৰিও চাকৰি বিচাৰি ব্যৰ্থ হৈছিল। কিন্তু তেওঁ কেতিয়াও নিজৰ আত্মবিশ্বাস হেৰুৱা নাছিল। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে মাছৰুমৰ খেতি কৰি আজি তেওঁ এজন সফল ব্যৱসায়ী।

২০০৭ চনত মাত্ৰ ৭০০ টকাত মাছৰুমৰ খেতি আৰম্ভ কৰি ২৪০০০ টকা উপাৰ্জন কৰে। আৰম্ভণিতে তেওঁ বহু বাধাৰ সন্মুখীন হৈছিল যদিও পিছলৈ বহু কষ্ট কৰি তেওঁ ব্যৱসায়টো স্থাপন কৰাত সফল হৈছিল। কৃষিৰ উন্নতিৰ বাবে ২০০৯-১০ চনত ডি এম আৰ সোলানৰ পৰা মাছৰুম খেতিৰ বিভিন্ন পদ্ধতিৰ প্ৰশিক্ষণ লৈছিল।

মাছৰুম খেতি কৰাৰ উপৰিও তেওঁ মাছৰুম খেতিৰ বাবেও সাৰ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ বিভিন্ন কোম্পানীক মাছৰুম যোগান ধৰিছিল। জানেনে এইজন ব্যক্তিৰ বৰ্তমানৰ আয় বছৰি প্ৰায় ২৫ লাখ টকা। ইয়াৰ উপৰিও তেওঁ এতিয়া দুটা ডাঙৰ এচি প্লাণ্ট নিৰ্মাণ কৰি মাছৰুম উৎপাদন কৰি আছে। আনকি মাছৰুম খেতিৰ বাহিৰেও তেওঁ এতিয়া প্ৰায় ৫০০০ লোকক প্ৰশিক্ষণ দি আছে। দিল্লীৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে তেওঁৰ কামৰ বাবে সম্বৰ্ধনা জনায়।

Leave a Comment