মাৰ ভৰি চুই ঘৰৰ পৰা ওলাই যায়, এই ৪টা অভ্যাসৰ বাবেই আজি সফলতাৰ শিখৰত উপনীত হৈছে মুকেশ আম্বানী।

WhatsApp Follow

ভাৰতৰ অন্যতম বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ। এই সংগঠনটোৰ অধ্যক্ষ হৈছে মুকেশ আম্বানী। তেওঁ ভাৰতৰ অন্যতম সফল ব্যৱসায়ী আৰু ভাৰতৰ দ্বিতীয় ধনী ব্যক্তি। তেওঁৰ ব্যৱসায় সমগ্ৰ ভাৰততে বিয়পি আছে। ব্যৱসায়ৰ বিভিন্ন খণ্ডৰ সৈতে জড়িত মুকেশ আম্বানী।

তেওঁ অতি সফলতাৰে বাবছাক আগুৱাই লৈ গৈছে। কিন্তু তেওঁৰ সফলতাৰ আঁৰত কিছুমান নীতি আছে। যিটো তেওঁ অনুসৰণ কৰে। সেই নীতিবোৰে মুকেশ আম্বানীক সফলতাৰ শীৰ্ষত উপনীত কৰিছে (Principles Behind Mukesh Ambani’s Success)। নীতি কি ? আজিৰ প্ৰতিবেদনত এই সন্দৰ্ভত সবিশেষ জানিব পৰিব।

সমগ্ৰ বিশ্বতে বিখ্যাত মুকেশ আম্বানী। প্ৰকাণ্ড ধন-সম্পত্তিৰ মালিকো তেওঁ। দামী গাড়ীৰ পৰা আৰম্ভ কৰি বিলাসী ঘৰলৈকে। তেওঁৰ ঘৰ এন্টিলিয়া মুম্বাইত, য’ত তেওঁ পত্নী নীতা আম্বানী আৰু তেওঁলোকৰ সন্তানৰ সৈতে থাকে। কিন্তু ধনীসকলে এই ব্যৱসায়িক জীৱনত কিছুমান নীতি মানি চলে। তেওঁ কেতিয়াও নীতিৰ লগত আপোচ কৰা নাছিল। তলত বিতংভাৱে উল্লেখ কৰা হৈছে –

১) জানি আচৰিত হ’ব, মুকেশ আম্বানী এজন বিশুদ্ধ নিৰামিষভোজী। আমিষ খাদ্য একেবাৰে ভাল নাপায়। ঘৰতেই হওক বা বাহিৰতেই সকলোতে একে নিয়ম মানি চলে। তাৰোপৰি নিজকে ধূমপান আৰু মদ্যপানৰ পৰা আঁতৰাই ৰাখে।

২) প্ৰতিদিনে পুৱা ৫.৩০ বজাত সাৰ পায় মুকেশ আম্বানী। তাৰ পিছত ঘৰত থকা গছ-গছনিবোৰ চোৱা-চিতা কৰি কিছু সময় কটায়। তাৰ পিছত ৰুটিন মতে কামৰ বাবে ওলাই যায়।


আৰু পঢ়ক
>> শীৰ্ষ ধনী ব্যক্তিৰ তালিকাত কিয় নাম নাই ৰতন টাটাৰ ?
>> মেচিন অবিহনে ৰ’দত শুকুৱাই নিখুঁত ফুচকা বনোৱাৰ উপায় !


৩) কৰ্মক্ষেত্ৰলৈ যোৱাৰ আগতে প্ৰতিদিনে মাতৃৰ ওচৰত প্ৰণাম কৰে। এদিনো সলনি হোৱা নাই।

৪) মুকেশ আম্বানীৰ ব্যৱসায় সমগ্ৰ ভাৰততে বিয়পি পৰিছে। সেই ব্যৱসায়টো সঠিকভাৱে পৰিচালনা কৰাত তেওঁ ব্যস্ত। অৱশ্যে এই ব্যৱসায়ীয়ে দেওবাৰেও আন পাঁচজনৰ দৰে পৰিয়ালৰ সৈতে সময় কটাবলৈ ভাল পায়।

Leave a Comment