এই ৬টা কাৰণেই ছাল ক’লা হয় !

WhatsApp Follow

ছালখন জ্বলা ছাইৰ দৰে । সকলোতে ক’লা দাগ । যেন প্ৰকৃত ৰূপটো দাগটোৰ পিছফালে ঢাকি থোৱা আছে । বেছিভাগ মহিলাৰ বাবে ই এক সাধাৰণ সমস্যা । কিন্তু কেৱল ৰ’দত পোৰাৰ বাবেই ছালখন ক’লা নহয় । ছাল ক’লা হোৱাৰ আঁৰত আন বিভিন্ন কাৰণ আছে । ছালৰ সৌন্দৰ্য বজাই ৰাখিবলৈ আগতীয়াকৈ জানি লওক কিহৰ কাৰণে ছালখন ক’লা হৈ পৰে –

১/ হাইপাৰ পিগমেণ্টেচন, ছালৰ কোষৰ দ্বাৰা উৎপন্ন হোৱা মেলানিন । ছালৰ ৰং নিৰ্ভৰ কৰে এই ৰঞ্জক পদাৰ্থৰ পৰিমাণৰ ওপৰত । বগা বা বাদামী বা ক’লা ৰঙৰ । যদি ছালত মেলানিনৰ মাত্ৰা অত্যধিক হয়, তেন্তে ছালখন ক’লা হৈ পৰে ।

২/ ভিটামিনৰ অভাৱ, ছালৰ গ্লো আৰু সুস্বাস্থ্যৰ বাবে ভিটামিন এ, বি, চি আৰু বি-কমপ্লেক্স অতি প্ৰয়োজনীয় । যদি শৰীৰত এই উপাদানসমূহৰ অভাৱ হয়, তেন্তে ছালখন ক’লা হৈ পৰে ।

৩/ ছালৰ ৰোগ, ছালৰ ৰোগৰ ফলতো ছাল জ্বলা-পোৰা আৰু ক’লা হৈ পৰিব পাৰে । লাইকেন ছিমপ্লেক্স ক্ৰনিকাছৰ দৰে সমস্যাৰ ফলত ছালখন ঘন হৈ পৰে ।


আৰু পঢ়ক
>> মাজে সময়ে চকুৰ পতা কঁপি উঠে নেকি ? জানক ইয়াৰ আচল কাৰণ কি ?
>> আপোনাৰ দাঁতে নিৰ্ধাৰণ কৰিব আপোনাৰ ব্যক্তিত্ব ! জানক ভৱিষ্যতে কি হ’ব পাৰে !


৪/ পুষ্টিহীনতা, শৰীৰে উপযুক্ত পুষ্টি নাপালে তেতিয়াও ছালখন ক’লা হৈ পৰিব পাৰে ।

৫/ হৰম’নৰ পৰিৱৰ্তন, শৰীৰত বিভিন্ন বয়সত হৰম’নৰ পৰিৱৰ্তন ঘটে । বিভিন্ন সময়ত শৰীৰত বিভিন্ন হৰম’ন নিঃসৰণ হয় । উদাহৰণস্বৰূপে, গৰ্ভাৱস্থাত শৰীৰত নিৰ্গত হোৱা হৰম’নৰ বাবে বা জন্ম নিয়ন্ত্ৰণৰ বড়ি সেৱনৰ ফলত ছালখন ক’লা হৈ পৰিব পাৰে ।

৬/ ক্ষতিকাৰক সূৰ্য্যৰ ৰশ্মি, সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ বাবে ছালখন ক’লা হৈ পৰে । ক্ষতিকাৰক UV-ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে ছালত মেলানিনৰ মাত্ৰা বৃদ্ধি পায় । যিয়ে ছালত ক’লা অনুভৱ আনে । অত্যধিক ৰ’দৰ সংস্পৰ্শলৈ অহাৰ ফলত হোৱা UV ৰশ্মিয়ে ছালৰ সুস্বাস্থ্য কাঢ়ি লৈ ​​ছালখন নিস্তেজ আৰু ক’লা কৰি তোলে ।

2 thoughts on “এই ৬টা কাৰণেই ছাল ক’লা হয় !”

Leave a Comment