মহাভাৰত খন পঢ়িবলৈ সময়ৰ নাটনি হ’লেও ইয়াৰ পৰা যদি আমি এই ৭টা সূত্ৰ বুজি লওঁ, তেন্তে আমাৰ জীৱন যাপন কৰাত সহজ হৈ পৰিব ৷ সেই ৭টা সূত্ৰ হৈছে –
১/ ভুল মাৰ্গেৰে চলিবলৈ ধৰা সন্তানক যদি সময় থাকোঁতেই আপুনি নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা নকৰে, তেন্তে আপুনি পিছত সম্পূৰ্ণ অসহায় হৈ পৰিব৷
২/ আপুনি লাগিলে যিমানেই পৰাক্ৰমী কিম্বা বলবান নহওক কিয়, কিন্তু আপুনি যদি অধৰ্মৰ পক্ষত আছে, তেন্তে আপোনাৰ শক্তি/ আপোনাৰ বিদ্যা-শিক্ষা/ বৰদান/ অস্ত্ৰসস্ত্ৰ সকলো নিষ্ফল হৈ পৰিব ৷ #কৰ্ণ
৩/ সন্তানক ইমান উচ্চাকাংক্ষী তথা মহত্বাকাংশীও কৰি নুতুলিব, যিয়ে নেকি নিজৰেই বিদ্যাৰ অপপ্ৰয়োগ কৰি নিজৰ বিনাশ কৰাৰ লগতে সৰ্বনাশ মাতি আনিব পাৰে৷ #অশ্বত্থামা
৪/ কেতিয়াও কাৰোবাক নিজৰ মুখেৰে এনে প্ৰতিশ্ৰুতি দিব নেলাগে, যিয়েনেকি এদিন আপোনাক অধৰ্মী বিধৰ্মীৰ সমুখত মূৰ দোঁৱাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাব৷ #পিতামহ_ভীষ্ম
৫/ সম্পত্তি, শক্তি অথবা ক্ষমতাৰ অপপ্ৰয়োগৰ পৰিণাম আৰু দুৰাচাৰীৰ শেষ পৰিণতি বিনাশ হোৱাটো নিশ্চিত৷ #দুৰ্যোধন
৬/ প্ৰত্যেক টো কাৰ্যতে চল, কপটতা কিম্বা ঠগ প্ৰবঞ্চনাৰে আপুনি সফলতা লাভ কৰিব নোৱাৰে৷ #শকুনি
৭/ যদি আপুনি নীতি, ধৰ্ম, কৰ্ম সততাৰে পালন কৰে, তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ কোনো শক্তিয়েই আপোনাক পৰাজিত কৰিব নোৱাৰে৷ #যুধিষ্ঠিৰ
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।