এই ৪ ধৰণৰ মানুহৰ পৰা দূৰত থাকিব ? চাণক্য কি কয় !

( These three types of people should be avoided ) আমি সদায় মানুহৰ লগত মিলাপ্রিতিৰে বসবাস কৰোঁ, কিছুমান সময়ত আমি নাজানো কোন কেনেকুৱা ! কিছুমান মানুহৰ লগত পৰিচয় হয় আচলতে নাজানো তেওঁ কেনেকুৱা, বা তেওঁ আমাৰ বিষয়ে কি ভাবে ? এই বিষয়ে আচার্য চাণক্যই তাৰ নীতিত কিছুমান ধাৰণা দি থই গৈছে, এতিয়াৰ সময়তো এই কথা সমূহ কামত আহে । ধাৰণা সমূহ হৈছে –

১/ মিঠা কথা কোৱা, মুখত বহুত মিঠা কিন্তু কামত নাই, এনেকুৱা মানুহ আমাৰ ওচৰে-পাঁজৰে বহুত আছে ! সেই মানুহৰ পৰাও সতর্ক হোৱা উচিত । আচলতে মিঠা মিঠা কথা কৈ আপোনাক দিপদত হে পেলাব, আপুনি যদি এনে মানুহৰ লগত সম্পর্কত আছে তেনেহলে অতি সোণকালে সতর্ক হোৱা উচিত ।

২, কথাৰ দাম নাই, এজন মানুহক তেতিয়াই মানুহ ক’ব পাৰি, যেতিয়া তাৰ কথাৰ দাম থাকিব ! এটা কথা কোৱাৰ পাছত সেই কথাত ষ্টেন্ট লৈ থকা জনৰ লগত বন্ধুত্ব কৰিব বা সম্পর্ক কৰিব ।

৩/ প্রতাৰক, এতিয়াৰ সময়ত প্রতাৰণা কৰা মানুহৰ সংখ্যা বহু বেছি হৈছে, আপোনাৰো সতর্ক হোৱা উচিত, যাতে আপোনাৰ বন্ধুত্ব এনে মানুহৰ লগত নহওক যে আপোনাক প্রতাৰণা কৰিব ! আপুনি যদি এনে মানুহৰ লগত সম্পর্কত আছে অতি সোণকালে সতর্ক হোৱা উচিত ।

আৰু পঢ়ক-

৪/ প্রশংসা কৰা, আমাৰ বন্ধু-বান্ধৱীৰ মাজত কিছুমান বন্ধু-বান্ধৱী আছে তেওঁলোকে প্রশংসা কৰে, সেয়া সঁচা নে মিচা তাৰ বিষয়ে ভবা উচিত ! যেতিয়া দেখিব আপোনাৰ বন্ধু-বান্ধৱী বা অইন কোনো লোকে আপোনাক প্রশংসা কৰি আছে তেতিয়া আপোনাৰ ভবা উচিত যে সেয়া সঁচা নে মিচা, যদি মিচা হয় তেনেহলে তাৎক্ষনিক সেই ঠাইৰ তাৰ পৰা উলাই আহক ।

Leave a Comment