ঘামচিৰ পৰা সকাহ পোৱাৰ এই বিশেষ উপায় !

( This is a special way to relieve sweating ) গৰমৰ দিনত প্ৰায়বোৰ লোকেই সন্মুখীন হোৱা এটি সমস্যা হৈছে ঘামচি বা prickly heat । বিভিন্ন কাৰণত ঘৰ্ম গ্রন্থি বন্ধ হৈ ঘাম ভালকৈ ওলাব নোৱাৰা হয় আৰু তেতিয়াই ঘামচিৰ সমস্যাই দিয়ে । ভুক্তভোগীৰ বাবে ই বিৰক্তিদায়ক হৈ পৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাবাথুৰি খায় । আজি ইয়াৰে কেইটিমান সৰু সুৰা দিহা আগবঢ়াইছো । আশাকৰো আপোনালোক উপকৃত হ’ব ।

১) চিন্থেতিক ( synthetic clothes) কাপোৰ পৰিধান নকৰি কটন বা কপাহী কাপোৰ পৰিধান কৰক ।

২) নিতৌ পৰিষ্কাৰ পানীৰে স্নান কৰক । গা ধোৱা পানীত কেইটোপালমান নেমুৰ ৰস দিব পাৰে । নাইবা নিমপাত সিজোৱা পানীৰে গা ধুব পাৰে । নেমু,নিম আদিৰ বীজাণু নাশক গুণ আছে বাবে ছালৰ বিভিন্ন সমস্যাত উপকাৰ দিয়ে । গৰম বেছি হোৱাৰ সময়ত বা বাহিৰৰ পৰা আহি তৎক্ষণাত স্নান নকৰাই ভাল । অন্যথা সমস্যা বাঢ়িহে যোৱাৰ সম্ভাৱনা বেছি হয় । স্নানৰ পিছত শুকান পাউদাৰ সানিব পাৰে ।

৩) গৰমৰ দিনত তেলযুক্ত প্ৰসাধন সামগ্ৰী বা oil based cosmetics ব্যবহাৰ নকৰিব । এইবোৰে ঘৰ্মগ্ৰন্থি বন্ধ কৰি ঘাম ওলোৱাত বাধা প্ৰদান কৰে ।

৪) প্ৰাকৃতিক উপদানেৰে তৈয়াৰী বিভিন্ন প্ৰকাৰৰ থলুৱা চৰবত যেনে নেমু, থেকেৰা, লেতেকু, বেল, জামু আদি বতৰৰ ফলৰ চৰবত, ডাৱৰ পানী, কুঁহিয়াৰ ৰস আদি সেৱন কৰক ।

৫) তেলযুক্ত বা চৰ্বিযুক্ত খাদ্য, ভজা, জ্বলা, মচলা দিয়া খাদ্য কমাই খাওক । ইয়াৰ সলনি চালাড, বতৰৰ ফলমূল, শাক পাচলি,পানী বেছিকৈ খাওক ।

৬) গোলাপ জল কপাহেৰে আক্ৰান্ত অংশত লগাওঁক । ই ছালৰ PH ভাৰসাম্যতা ৰক্ষা কৰে, শৰীৰৰ অত্যাধিক তেল শোষণ কৰে ।

৭) চন্দনৰ গুৰি গোলাপ জল বা গাখীৰৰ লগত মিহলাই পেক হিচাবে 15 মিনিট সময় লগাই ধুই পেলাওক । চন্দনে শৰীৰৰ ঠাণ্ডা প্ৰভাৱ পেলায় ।


আৰু পঢ়ক
ঠাণ্ডা নে গৰম ? গাখীৰ কেনেকৈ খালে স্বাস্থ্যৰ বাবে উপকাৰী !
পনীৰ আৰু কণী একেলগে খালে শৰীৰৰ ওজন বাঢ়ে নে কমে ?


৮) মূলতানি মাটি গোলাপ জল বা গাখীৰ দি পেক হিচাবে আক্ৰান্ত অংশত লগাওঁক । এই পেকৰ লগত পদিনা, তুলসী, নিম পাত দিবও পাৰে ।

৯) আক্ৰান্ত অংশত দৈ ব্যৱহাৰ কৰিলেও সুফল পাব । 15 মিনিট সানি ঠাণ্ডা পানীৰে ধুই পেলাওক ।

১০) ছালকুঁৱৰী বা ঘৃতকুমাৰী বা এলভেৰা জেল ব্যবহাৰ কৰিলেও সুফল পোৱা যায় ।

১১) বেচনৰ লগত গাখীৰ মিহলাই পেক হিচাবে ব্যবহাৰ কৰক ।

১২) কেঁচা আলু পাতল পাতল কৈ কাটি আক্ৰান্ত অংশত লগালেও সুফল পোৱা যায় । ঠিক তেনেকৈ তিয়ঁহ ব্যবহাৰ কৰিব পাৰে ।

১৩) পকা অমিতাৰ পেক ব্যৱহাৰ কৰিলেও উপকৃত হ’ব ।

সংগ্ৰহীত
Dr Rainy Devi
( Guwahati )

1 thought on “ঘামচিৰ পৰা সকাহ পোৱাৰ এই বিশেষ উপায় !”

Leave a Comment