এই মচলাবিধৰ আছে বহু অসাধাৰণ লাভালাভ, জানো আহক কি কি ?

WhatsApp Follow

( This spice has many extraordinary benefits, let’s know what they are ) লং (Clove) হ’ল এবিধ চিৰসেউজীয়া গুল্মজাতীয় ঔষধিগুণেৰে ভৰপূৰ মচলা জাতীয় উদ্ভিদ । প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে আয়ুৰ্বেদিক চিকিৎসাত আৰু শৰীৰৰ বিভিন্ন ৰোগসমূহৰ প্ৰতিৰোধ হিচাপে লং ব্যৱহাৰ কৰি অহা হৈছে । ৰান্ধনি ঘৰৰো এবিধ লাগতীয়াল মছলাৰূপে লং অন্যতম । আজি আমি এই আর্টিকেলটোত কথা পাতিম এই মচলাবিধৰ গুণসমূহ কি কি ?

১) কাঁহ, ডিঙিৰ সুৰ-সুৰনি আদি ৰোগৰ বাবে লং উপকাৰী । কুহুমীয়া পানীৰ সৈতে লং উতলাই সেই পানীৰে কুলুকুলু কৰিলে কাঁহ নিৰাময় হয় ।

২) মূৰৰ বিষৰ (Headache) লং (Clove) উপকাৰী । লং বটি প্ৰলেপ বনাই তাত অলপমান নিমখ মিহলাই মূৰত লগালে বিষ হ্ৰাস হয় ।

৩) বমি বমি (Vomiting) লাগি থকা ভাব লঙে দূৰ কৰে । লঙৰ সৈতে মৌ ৰস মিহলাই সেৱন কৰিলে বমি ভাৱ দূৰ হয় ।

৪) হাঁপানি বা এজমা ৰোগৰ বাবে লং উপকাৰী । পানী উতলাই তাত ৫/৬ টা লং আৰু মৌ ৰস মিহলাই দিনত তিনিবাৰকৈ তিনি –চাৰি দিন খালে এই ৰোগৰ সকাহ পাব পাৰি ।

৫) শালমইনাৰ সমস্যা থকা লোকে মুখত লঙৰ তেল সানিলে এই সমস্যাৰ পৰা নিৰাময় লাভ কৰিব পাৰে । লঙৰ তেলত থকা এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ছেপ্টিক গুণে শালমইনা, মুখত গুটি ওলোৱা সমস্যা দূৰ কৰাত সহায় কৰে ।

৬) লঙে হাড় শক্তিশালী কৰাত সহায় কৰে । বৰ্তমান সময়ত বেছিসংখ্যক লোকৰে হাড়ৰ সমস্যা থকা দেখা যায় । হাড়ৰ দুৰ্বলতা বা বিষ থকা লোকে লং খালে যথেষ্ট উপকৃত হ’ব পাৰে ।

৭) যদি আপুনি দিনত দুটাকৈ লং খাই তেন্তে পুৰুষৰ যৌন সমস্যা আঁতৰ হ’ব ।

Leave a Comment