এবাৰ এজন ডেকাবয়সীয়া ভিক্ষুৱে নিজৰ স্বভাৱক লৈ যথেষ্ট চিন্তিত আছিল। অনিশ্চাস্বত্তেও তেওঁৰ মনলৈ বহু ধৰণৰ কুচিন্তা আহিবলৈ ধৰিছিল। তেওঁ যথেষ্ট খিংখিঙীয়া স্বভাৱৰ হৈ পৰিছিল। কথাই প্ৰতি খং, আনৰ বেয়া চিন্তা, হিংসা, ঘৃণাই মনটো ঘেৰি ধৰিছিল। নিজৰ এই স্বভাৱে ভিক্ষুজনক চিন্তিত কৰি তুলিছিল। বহুত চেষ্টা কৰিও তেওঁ এইখিনি ঠিক কৰিব পৰা নাছিল। উপায়হীন হৈ শেষত তেওঁ নিজৰ গুৰুৰ ওচৰলৈ গ’ল। আৰু সুধিলে এই সমস্যাৰ পৰা তেওঁ কেনেকৈ উলাব পাৰিব।
গুৰুৱে ক’লে নকৰাত্মক চিন্তা মেঘৰ দৰে, যিয়ে ফৰকাল আকাশখনো ধুঁৱলী কুঁৱলী কৰি পেলায়। যদি তুমি ফৰকাল আকাশ চাব বিচাৰা তেন্তে প্ৰথমে এই মেঘবোৰ আঁতৰাব লাগিব। ঠিক সেইদৰে নকাৰাত্মক বিচাৰবোৰ আঁতৰাবলৈ হ’লে প্ৰথমে ইয়াৰ মূল কাৰণবোৰ জানিব লাগিব। এই কথাখিনি স্পষ্টকৈ বুজাবলৈ গুৰুৱে এটা কাহিনী ক’বলৈ আৰম্ভ কৰিলে । এবাৰ জংঘলৰ মাজেৰে গৈ থাকোতে এজন মানুহে হঠাৎ এটা সাপৰ মুখামুখি হ’ল।
আৰু সাপটো দেখিয়েই ভয়ত মানুহজন পলাবলৈ আৰম্ভ কৰিলে। দৌৰিবলৈ ধৰোতেই উজুটি খাই তেওঁ বাগৰি পৰিল আৰু যথেষ্ট আঘাত পালে। তেওঁ লগে লগে উভতি চালে আৰু দেখিলে যে সেইটো আচলতে সাপ নাছিল, সৰ্প আকৃতিৰ এটা গছৰ ডালহে আছিল। মানুহজনে বুজি উঠিল যে সি পোৱা আঘাতৰ কাৰণ আচলতে সাপ নহয়, তেওঁৰ নিজৰ মনত থকা ভয় আৰু নকাৰাত্মক চিন্তাহে।
গুৰুৱে ক’লে , তোমাৰ মনৰ নকাৰাত্মক চিন্তা আচলতে এই সৰ্পৰ দৰেই। তোমাৰ মূল সমস্যাটো হৈছে তোমাৰ ভিতৰত থকা ভয়, হীন মনোভাৱ আৰু অতীতৰ বেয়া অভিজ্ঞতা। যিবোৰ নেতিবাচক চিন্তা, খং , হিংসা আদি ৰূপত প্ৰকাশ হয়।
এই কাহিনীটো আমি আমাৰ জীৱনত কেনেকৈ প্ৰয়োগ কৰিম তাৰো কিছুমান উপায় আছে। নিজৰ চিন্তাবোৰক লৈ সজাগ হওক। নিজৰ মাজত কি চলি আছে জানিবলৈ চেষ্টা কৰক আৰু ইয়াৰ কাৰণ জানিবলৈ প্ৰয়াস কৰক। অতীতৰ বেয়া সময় আৰু বেয়া অভিজ্ঞতাবোৰ স্বীকাৰ কৰি লওক আৰু নিজক আৰু আনক ক্ষমা কৰক। আপোনাৰ ওচৰত যি আছে তাৰ বাবে কৃতজ্ঞ হওক। কৃতজ্ঞতাই নেতিবাচক চিন্তা দূৰ কৰে। নিজৰ আৰু আনৰ প্ৰতি দয়ালু হওক।
এই কাহিনীটোৱে এয়াই বুজায় যে নেতিবাচক চিন্তা আমাৰ মূল সমস্যা নহয়। মূল সমস্যাটো আমাৰ ভিতৰৰ কোনোবাখিনিত সোমাই থাকে। মনৰ বিচাৰবোৰৰ মূল কাৰণবোৰ জানি তাৰ সমাধান কৰি আমি শান্তিপূৰ্ণ জীৱন যাপন কৰিব পাৰোঁ। বেছিভাগ সময়তে নকাৰাত্মক চিন্তা আমাৰ মাত্ৰ ভ্ৰম হে হয়। যাক আমি নিজে মনত উৎপন্ন কৰোঁ।