আজি ৰাধা অষ্টমী, সংসাৰলৈ সুখ-শান্তি আহিবলৈ ৰাধা অষ্টমীত এই কাম কৰক !

WhatsApp Follow

Today is Radha Ashtami, do this on Radha Ashtami to bring happiness and peace to your family) ভাদ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত পালিত হয় ৰাধা অষ্টমী। উত্তৰ প্ৰদেশৰ বাৰসানা গাঁওত এই দিনটোতেই ৰাধাৰ জন্ম হৈছিল বুলি লোককথা প্ৰচলিত হৈ আছে। শ্ৰী কৃষ্ণৰ প্ৰাণপ্ৰিয়া ৰাধাক লক্ষ্মীৰ অৱতাৰ বুলিও কোৱা হয়। হিন্দু ধৰ্মত ৰাধাৰ জন্মদিনটোৰ বিশেষ মাহাত্ম্য আছে। ৰাধাষ্টমীত উপবাসে থাকি ৰাধাক আৰাধনা কৰিলে ধন প্ৰাপ্তি হয় বুলি এক লোকবিশ্বাস আছে।

জ্যোতিষশাস্ত্ৰত উল্লেখ থকা অনুযায়ী বিবাহৰ পথত বাধা আহিলে ৰাধাষ্টমীত কেইটামান উপায় মানি চলিলে এই সমস্যা সমাধান হয়। ৰাধা অষ্টমীত কি কি কাম কৰিলে সুফল পাব? আপোনাৰ যদি বিয়াত বাধা আছে তেন্তে ৰাধা অষ্টমীত ৰাধা ৰাণীক গোলাপ ফুল নিবেদন কৰক।

ৰাধা অষ্টমীত ৰাধা কৃষ্ণৰ যুগল মূৰ্তিৰ আৰাধনা কৰক। ইয়াৰ ফলত জীৱনৰ সকলো অশান্তিৰ পৰা মুক্তি লাভ কৰিব। ৰাধা অষ্টমীৰ দিনটোত বিবাহিত সকলে স্বামীৰ সৈতে উপাস্য দেৱতাক পূজা কৰক। আপুনি মহাদেৱক ভক্ত হ’লে সেই দিনটোত শিৱ পাৰ্বতীৰ পূজা কৰক। বা আপুনি যদি মা লক্ষ্মীৰ ভক্ত হয় তেন্তে লক্ষ্মীক নাৰায়ণৰ সৈতে একেলগে আৰাধনা কৰক।

বিয়াৰ সম্পৰ্ক যদি বাৰে বাৰে ভাঙি যায় তেন্তে ৰাধা অষ্টমীত কলা তিল দান কৰাটো জৰুৰী। ইয়াৰ ফলত আপোনাৰ বিবাহৰত পথত থকা সকলো বাধা দূৰ হ’ব।

আৰু পঢ়ক
>> টকাৰে ভৰি পৰিব মানিবেগ, শনিদেৱক সুখী কৰিবলৈ প্ৰতিদিনে কৰক এই কাম
>> গণেশৰ কৃপাত ভাগ্য খুলিব এই ৪ৰাশিৰ, হাতলৈ আহিব ধন-সম্পত্তি

ৰাধা অষ্টমীত এই বৰ্ষৰ শনিবাৰে লোহাৰ সামগ্ৰী, কলা কাপোৰ আদি দান কৰিব পাৰে। ৰাধাৰাণীৰ জন্মদিনত বিবাহিত মহিলাসকলে অইন মহিলাক সাজ সজ্জাৰ উপকৰণ দান কৰক। কোনো কুমাৰী ছোৱালীকো এই উপহাৰ দিব পাৰে।

ৰাধা অষ্টমীত হালধীয়া ৰঙৰ পোছাক পৰিধান কৰক। ইয়াৰ ফলত ৰাধা ৰাণীৰ আশীৰ্বাদ আপুনি লাভ কৰিব। ব্ৰহ্ম পুৱাতে শ্ৰী বিষ্ণু আৰু লক্ষ্মীৰ মুৰ্তীক তামৰ পাত্ৰৰে পানী ঢালক।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment