ভিভ’ই তেওঁলোকৰ বাজেট কেটেগৰীত মুকলি কৰিলে Vivo Y18i 4G স্মাৰ্টফোন। এই ফোনটো বাজেট কেটেগৰী ব্যৱহাৰকাৰীসকলক মনত ৰাখি যোৱা বছৰৰ জুলাই মাহত মুকলি কৰা হৈছিল। এইবাৰ কোম্পানীয়ে ফোনটোৰ মূল্য ৫০০ টকা কমালে। এই তথ্য আমি অনলাইন উৎসৰ জৰিয়তে জানিব পাৰিলোঁ। Vivo Y18i 4G স্মাৰ্টফোনৰ নতুন মূল্য আৰু স্পেচিফিকেশনৰ সবিশেষৰ বিষয়ে বিতংভাৱে জানো আহক।
Vivo Y18i ৰ মূল্য হ্ৰাস কৰা হৈছে
- যোৱা বছৰ কোম্পানীটোৱে Vivo Y18i ফোনটো একক ষ্ট’ৰেজ অপচনত মুকলি কৰিছিল।
- 4GB RAM + 64GB ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতে Vivo Y18i ফোনটোৰ মূল্য ৭,৯৯৯ টকা।
- এইবাৰ কোম্পানীয়ে এই ফোনটোৰ মূল্য ৫০০ টকা হ্ৰাস কৰিছে। এই মূল্য কৰ্তনৰ পিছত এই ফোনটোৰ মূল্য ৭,৪৯৯ টকা।
মডেল | পুৰণি দাম | নতুন দাম | পাৰ্থক্য |
Vivo Y18i | ৭,৯৯৯ টকা | ৭,৪৯৯ টকা | ৫০০ টকা |
Vivo Y18i ৰ স্পেচিফিকেশন
- ডিছপ্লে: Vivo Y18i স্মাৰ্টফোনটো AMOLED পেনেলৰ দ্বাৰা নিৰ্মিত আৰু ইয়াৰ এটা বৃহৎ 6.56 ইঞ্চি HD ডিছপ্লে আছে যিয়ে 1612 × 720 পিক্সেল ৰিজ’লিউচন, 90Hz ৰিফ্ৰেছ ৰেট আৰু 528 নিট ব্ৰাইটনেছ সমৰ্থন সমৰ্থন কৰে।
- প্ৰচেছৰ: Vivo Y18i স্মাৰ্টফোন এণ্ড্ৰইড আৰু Fantauch OS 14.0 ত চলিব। এই ফোনত প্ৰচেছিঙৰ বাবে Unisoc Tiger T612 চিপছেট আছে।
- ষ্ট’ৰেজঃ নতুন আৰু সস্তা ভিভ’ স্মাৰ্টফোনত আছে ৪জিবি ৰেম, ৪জিবি এক্সটেণ্ডেড ৰেম। ইয়াত ৮জিবি ৰেম ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে ইণ্টাৰনেল ষ্ট’ৰেজৰ বাবে ৬৪জিবি ষ্ট’ৰেজৰ ব্যৱস্থা কৰা হৈছে। একে সময়তে ই মাইক্ৰ’ এছডি কাৰ্ডৰ সহায়ত ১টিবি পৰ্যন্ত সমৰ্থন কৰিব।
- কেমেৰাঃ ভিভ’ Y18i স্মাৰ্টফোনত ফটোগ্ৰাফীৰ বাবে ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আছে। এই কেমেৰা ছেটআপত f/2.2 এপাৰচাৰৰ সৈতে 13 মেগাপিক্সেলৰ মেইন চেন্সৰ আৰু f/3.0 এপাৰচাৰৰ সৈতে 0.08 মেগাপিক্সেলৰ ছেকেণ্ডাৰী লেন্স অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, চেলফিৰ বাবে সংযোজন কৰা হৈছে ৫ মেগাপিক্সেলৰ চেলফি চেন্সৰ।
- বেটাৰী: পাৱাৰ বেকআপৰ বাবে এই স্মাৰ্টফোনত 15W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে 5,000mAh বেটাৰী আছে।
- অন্যান্য: Vivo Y18i স্মাৰ্টফোনত পানী আৰু ধূলিৰ পৰা সুৰক্ষাৰ বাবে IP54 ৰেটিং দিয়া হৈছে। এই ফোনত ৱাই-ফাই, ব্লুটুথ, আৰু ৪জি নেটৱৰ্কৰ দৰে বিভিন্ন বৈশিষ্ট্য আছে।