যাত্রাৰ সময়ত বমি কৰে নেকি ? ঘৰুৱা উপায়েৰে ঠিক কৰক | Vomiting In Travelling

যাত্রাৰ সময়ত প্রায়ে যদি বমি আৰু অস্থিৰতাৰ দৰে সমস্যা দেখা দিয়ে, এনে পৰিস্থিতিত বহুসময়ত দীগলীয়ান যাত্রা পৰিহাৰ কৰা দেখা যায়। সেই বাবে আজি আমি এই আর্টিকেলটোত কিছুমান খাদ্যৰ কথা ক’ম যিসমূহ, ব্রমন পথত লৈ গ’লে আপুনি তাৎক্ষণিক আৰাম পাব যেনে…

১/ নেমু বমি বা অকালি অহাৰ লগে লগে, আপুনি নেমুৰ ৰস আৰু নিমখ গৰম পানীৰ লগত মুহলি কৰি সেই পানী খাব। তেনেহলে অলপ সময়ৰ ভিতৰতে আপুনি এই সমস্যাৰ পৰা সকাহ পাব।

২/ পুদিনা আপোনাৰ যাত্রা পথত যদি হঠাৎতে বমিৰ সমস্যা দেখা দিয়ে, তেনেহলে পুদিনা এই সমস্যাৰ নিৰাময় হ’ব পাৰে। আপুনি বিচাৰিলে পুদিনা টেবলেট খাব পাৰে বা আপুনি নিজেই ইয়াক চিৰাপ বনাই খাব পাৰে।

৩/ আদা যদি যাত্রাৰ সময়ত বমি হয় তেনহলে হলে যাত্রা পথত আপুনি আদা লগত লৈ যাব, আদা চাহ, আদা কেণ্ডি, বা এক চামুচ আদা গুৰি কৰি আৰু গৰম পানীত মিহলি কৰি খাব পাৰে।

৪/ কল কলবোৰে পটাছিয়াম পুনৰুদ্ধাৰ কৰাত সহায় কৰিব পাৰে, ইয়াৰ বাহিৰেও কল খোৱাটোৱে বমিৰ সমস্যাৰ পৰা যথেষ্ট পৰিমানে সকাহ দিব পাৰে। সেই বাবে আপুনি লং ড্রাইভৰ সময়ত আপোনাৰ লগত কল লৈ যাব পাৰে, কলটোৱে ইয়াৰ পৰা পৰিত্রাণ পোৱাত সহায় কৰিব পাৰে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

আৰু পঢ়ক-

Leave a Comment