ৰতন টাটাৰ সাফল্যৰ ৫টা মন্ত্ৰ, খোদ নিজেই ক’লে টাটাই, কি এই ৫টা মন্ত্ৰ ?

Daily Job Update Follow

এজন সফল ব্যৱসায়ী ৰতন টাটা, ৰতন টাটাৰ এই সাফল্যৰ আঁৰত বাৰু কি আছে ? ৰতন টাটাই প্ৰত্যেক সময়তে অনুশীলন কৰে বিশেষ পাঁচোটা মন্ত্ৰ ৷ কি এই মন্ত্ৰ জানেনে ? ৰতন টাটাৰ নাম নজনা নাগৰিক হয়তো দেশত খুব কমেই আছে ৷ কেৱল দেশতেই নহয় বিদেশতো টাটাৰ সমাদৰক কোনোৱে নুই কৰিব নোৱাৰে৷ বৰ্তমান পৃথিৱীৰ সৰ্বাধিক ধনী ব্যক্তি এলন মাস্কেও বহু সময়ত বিভিন্ন সাক্ষাৎকাৰত ৰতন টাটাৰ নাম উচ্চাৰণ কৰে। ৰতন টাটাক দেখিয়েই বহুলোকে তেওঁৰ দৰে হোৱাৰ বাসনাও মনে মনে নকৰা নহয়। ৰতন টাটাৰ ব্যৱসায়ে পৃথিৱীতেই প্ৰতিষ্ঠা লাভ কৰাৰ মূলমন্ত্ৰ নিজেই প্ৰকাশ কৰিছে ৰতন টাটাই। ৰতন টাটাই আগবঢ়োৱা বিশেষ ৫ টা মূলমন্ত্ৰৰ ভিতৰত প্ৰথমেই আছে-

আপোনাৰ ঐক্যই আপোনাৰ শক্তি

কঠিন সময় প্ৰত্যেকৰে ব্যৱসায় বা জীৱনলৈ আহেই। কঠিন সময়ত ঐক্যবদ্ধ হৈ থকাটো সফলতাৰ মূলমন্ত্ৰ। কঠিন সময়ত যদি আপুনি আপোনাৰ প্ৰতিষ্ঠানৰ কৰ্মীৰ সৈতে ঐক্যবদ্ধ হৈ থাকিব পাৰিছে তেন্তে আপোনাৰ হৰুৱাব পৰা কোনো শক্তিয়েই নাই।

নিজৰ কৰ্মচাৰীসকলৰ সৈতে থাকক

আপুনি যিমানেই ডাঙৰ ব্যৱসায়ীয়েই নহওক, ব্যৱসায় যিমান স্থানতেই নাথাকক কিয়, আপুনি আপোনাৰ কৰ্মচাৰীৰ সৈতে সময় কটাওক। তেওঁলোকৰ সৈতে বন্ধুুত্বৰ সম্পৰ্ক বৰ্তাই ৰাখি তেওঁলোকৰ কামকাজ অনুসৰণ কৰক। কৰ্মচাৰীসকলৰ সৈতে কোনোকাৰণতে বেয়া ব্যৱহাৰ নকৰিব, আপোনাৰ এই আচৰণে আপোনাৰ সফলতাৰ বাটত মসৃণতা আনিব।

কৰ্মচাৰীক আঁতৰাই পঠিওৱাই সমাধান নহয়

যিয়েই ব্যৱসায় নহওক মাজে-সময়ে সকলোৱে বিপৰ্যয়ৰ সন্মুখীন হোৱাটো স্বাভাৱিক কথা। লাভৰ পৰিমানো উঠা-নমা হোৱাটো স্বাভাৱিক। তাৰ মাজতেই বৰ্তমান এনে এক ট্ৰেণ্ড গঢ় লৈছে যে লাভালাভ কিছু কম হ’লেই কৰ্মচাৰীসকলক কৰ্মক্ষেত্ৰৰ পৰা বিদায় দিয়া হয়। সেয়া একেবাৰেই ভুল পন্থা। অত্যাধিক কৰ্মচাৰী আঁতৰাই পঠোৱাটোৱে প্ৰতিষ্ঠানটোৰ গৰিমাত আঘাত হানে। টাটাই কেতিয়াও তেনে পন্থা গ্ৰহণ নকৰে। আনকি কভিডৰ বিপৰ্যয়ৰ সময়খিনিতো টাটাই একমাত্ৰ ব্যতিক্ৰম বহুজাতিক কোম্পানী যিয়ে এজনো কৰ্মচাৰীক আঁতৰি যাবলৈ নিৰ্দেশ দিয়া নাই বা দৰমহাৰ পৰিমানো কমাই অনা নাই।

তৈয়াৰ কৰা সামগ্ৰীৰ দৰ বজাৰত থকাটো খুবেই প্ৰয়োজন

আপোনাৰ কোম্পানীত তৈয়াৰ কৰা সামগ্ৰীৰ দৰ বজাৰত সকলো সময়তে থকাৰ উপযোগী হোৱাটো প্ৰয়োজন। নহলে ব্যৱসায়ত অগ্ৰগতি কৰা সম্ভৱপৰ নহয়। টাটা কোম্পানীৰ আটাইতকৈ লেখত ল’বলগীয়া কথাই হৈছে টাটাই নিৰ্মাণ কৰা সামগ্ৰীৰ দৰ বজাৰত প্ৰত্যেকসময়তে থাকে। টাটাই যুৱ প্ৰজন্মৰ কৰ্মচাৰীৰ সৈতে কাম কৰাটো আটাইতকৈ বেছি পছন্দ কৰে। যুৱ প্ৰজন্মৰ কৰ্মচাৰী সৰ্বাধিক থকা হিচাপেও টাটা কোম্পানীটোৰ নাম বহুতেই ল’ব খোজে।

আৰু পঢ়ক…

Leave a Comment