স্তন ডাঙৰ কৰাৰ ঘৰুৱা সহজ উপায় | Ways To Enlarge Breasts In Assamese

আপুনি আপোনাৰ স্তনৰ সৰু আকাৰক লৈ চিন্তিত নেকি ?  স্তনৰ আকাৰ বৃদ্ধি কৰিব বিচৰাৰ আঁৰত বহু কাৰণ থাকিব পাৰে ৷  আপোনাৰ স্তন যুগলৰ সৈতে আপোনাৰ এই অসন্তুষ্টি কোনোবাই কৰা মন্তব্যৰ বাবে হ’ব পাৰে অথবা আপুনি অচেতনভাৱে নিজকে সামাজিক মাধ্যমত আন কাৰোবাৰ সৈতে তুলনা কৰাৰ বাবেও হ’ব পাৰে ৷  যাৰ বাবে সম্ভৱতঃ আপুনি অনুভৱ কৰে যে ডাঙৰ আকাৰৰ স্তন অধিক বাঞ্ছনীয় ৷  সেই বাবে আজি আমি আলোচনা কৰিম স্তনৰ আকাৰ বৃদ্ধি কৰাৰ ঘৰুৱা উপায়,  সম্পূর্ণ জানিবলৈ শেষলৈকে পঢ়িব।

১/ মালিচৰ প্ৰয়োজন

উপযুক্ত মালিচৰ জৰিয়তে অতি সোনকালে বক্ষযুগলে উপকাৰ পায়।  পিঠি পেলাই শুই লৈ লাহে ধীৰে প্ৰতিদিনেই বক্ষযুগলৰ মালিচ কৰিব লাগে।  মালিচ কৰাৰ কিছুমান বিশেষ পদ্ধতি আছে। পদ্ধতিবোৰ নিজে শিকি লৈ নতুবা কোনোৱে দক্ষ সৌন্দর্য বিশেষজ্ঞাৰ হতুৱাই মালিচ কৰিব লাগে। ভুল পদ্ধতিৰ দ্বাৰা মালিচ কৰিলে হিতে বিপৰীতহে হ’ব পাৰে।  মালিচ কৰোতে বুকুৰ ফালৰ পৰা কাষলৈ নি কান্ধলৈকে কৰিব লাগে।  এনে কৰিলে বক্ষযুগল শকত হয়।  আনহাতে, বক্ষযুগলৰ আকাৰ কমাবলৈ হ’লে ইয়াৰ বিপৰীতে মালিচ কৰিলেই হ’ব ৷  ইয়াৰ পিছত কপাহী কাপোৰৰ বক্ষবন্ধনী ব্যৱহাৰ কৰি শীতল ভাগ ল’ব লাগে।  এনেদৰে এমাহ ধৰি প্রতিদিনেই কৰিব লাগে।

২/ ব্যায়াম

ব্যায়ামৰ জৰিয়তে বক্ষযুগলৰ গঠন সুন্দৰ আৰু সুগঢ়ি কৰিব পাৰি।  চক্রাসন, বজ্রাসন, হলাসন, পদসঞ্চালন, পদহস্তাসন আদি আসন কৰিলে বক্ষযুগল বিচৰামতে সুগঢ়ি হৈ উঠিব।  লগতে বক্সিং খেলা, ৰোয়িং কৰা, স্কিপিং, কাৰাটেৰ অভ্যাস কৰিলেও বক্ষযুগলৰ গঢ় সুন্দৰ কৰিব পাৰি।

৩/ শাৰীৰিক পৰিশ্ৰম

শাৰীৰিক পৰিশ্ৰমৰ যোগেদি বক্ষযুগলৰ গঠন ভাল কৰিব পাৰি।  কাপোৰ আছাৰি ধোৱা, ডলা বা কুলাৰে চাউল জৰা, নাদৰ পৰা পানী তোলা, দমকলৰ পৰা পানী তোলা , ঘৰ মচা, চোতাল সৰা, কোৰ কুঠাৰ মৰা আদি কাম কৰিলেও বক্ষ সুগঢ়ি হয়।

আৰু পঢ়ক-

৪/ উপযুক্ত বক্ষবন্ধনী

বহুতৰ বক্ষ অনুপযুক্ত বক্ষবন্ধনীৰ ফলতো দেখাত বেয়া হৈ পৰে।  গতিকে বক্ষবন্ধনী ক্ৰয় কৰাৰ আগতে নিজৰ বক্ষৰ জোখ সম্পর্কে ভালদৰে জানি লোৱা উচিত।  বক্ষৰ সঠিক জোখমতে বক্ষবন্ধনী পিন্ধিলে বক্ষযুগল বেয়া হৈ নপৰে।  বক্ষবন্ধনী সদায় কপাহী কাপোৰৰ হোৱা উচিত।  বক্ষবন্ধনী আৰামদায়ক হোৱাৰ লগতে পৰিষ্কাৰ হোৱাটো নিতান্তই প্রয়োজনীয়।

৫/ খাদ্য 

এযোৰ সুগঢ়ি বক্ষ পাবলৈ হ’লে সুষম পুষ্টিকৰ খাদ্যৰ খুবেই প্রয়োজন।  মাংস, ৰঙালাউ, মাটিমাহৰ দাইল, দৈ গাখীৰ, মচুৰ দাইল আদি খালে সৰু আৰু চেপেটা আকাৰৰ বক্ষযুগল নিপোটল আৰু সুন্দৰ গঢ় হৈ পৰে।  সেউজীয়া শাকৰ পাত, লাছি, মৌ, ঔটেঙা, থেকেৰা টেঙা, অমিতা, পনীৰ পানী, নেমুটেঙাৰ চৰবত খালে যাৰ বক্ষৰ আকাৰ জোখতকৈ ডাঙৰ আৰু গঢ়টো সুন্দৰ নহয় তেওঁলোকৰ বক্ষৰ গাঢ় সুন্দৰ হোৱাত সহায় হয়।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে।  বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Leave a Comment