এই কেইটা কথা নাজানিলে আপোনাৰ লিভাৰৰ ক্ষতি হ’ব পাৰে | Ways To Keep The Liver Healthy

Daily Job Update Follow

(Health Tips In Assamese) মানুহৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ যকৃত ‘লিভাৰ’।  কিন্তু আমাৰ কেতবোৰ বদঅভ্যাসে এই গুৰুত্বপূৰ্ণ অংগটোৰ ক্ষতি কৰে আৰু আমাক ৰোগাক্ৰান্ত কৰে। আহক জানো আমাৰ লিভাৰ সুস্থ ৰখাৰ কেইটামান উপায়…

১/ ডায়েট নিয়ন্ত্ৰণ কৰক

অতি মাত্ৰা কেল’ৰিযুক্ত খাদ্য ত্যাগ কৰক। ৰিফাইন কাৰ্ব’বাইড্ৰেটযুক্ত খাদ্য পাৰ্যমানে নিয়ন্ত্ৰিতভাৱে খাওক। তদুপৰি, আঁহজাতীয় খাদ্য পাৰ্যমানে খোৱাটো ভাল।

২/ ওজন নিয়ন্ত্ৰণ কৰক

যদি আপুনি মেদবহুল বা আপোনাৰ শৰীৰৰ ওজন বেছি আছে, তেন্তে শীঘ্ৰে সেয়া নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক । ইয়াৰ ফলত লিভাৰৰ চৰ্বি জমা হ ’ব পাৰে।

৩/ শাৰীৰিক অনুশীলন কৰক

নিয়মীয়াকৈ শাৰীৰিক অনুশীলন কৰক । ই আপোনাৰ শৰীৰৰ আন অংশৰ লগতে লিভাৰক সুস্থ-সবল কৰি ৰাখে।

৪/ সুৰাপান কমাওক

লিভাৰ বেয়া হোৱাৰ অন্যতম কাৰণ অত্যধিক সুৰাপান। সুৰাপানে লিভাৰৰ কোষ নষ্ট কৰাৰ লগতে লিভাৰত দাগৰ সৃষ্টি কৰিব পাৰে।

৫/ প্ৰতিষেধক লওক

হেপাটাইটিছ এ আৰু হেপাটাইটিছ বিৰ প্ৰতিষেধক আছে।   কিন্তু হেপাটাইটিছ চিৰ প্ৰতিষেধক উপলব্ধ নহয়।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

আৰু পঢ়ক-

7 thoughts on “এই কেইটা কথা নাজানিলে আপোনাৰ লিভাৰৰ ক্ষতি হ’ব পাৰে | Ways To Keep The Liver Healthy”

Leave a Comment