(Ways To Reduce Anger In Assamese) আমি মানুহ, মানুহ হিচাপে খং উঠাটো শ্বাভাৱিক ! খং উঠিলে আমি যি মুখত আহে সেয়াই কওঁ, কিন্তু সেই খংঙৰ বাবে কিছুমান সম্পর্ক ভাঙি যায় ! কিছুমান সম্পর্কৰ মাজত বেচ্ছেদ সৃষ্টি হয় । আচলতে ক’ব গ’লে খং হৈছে এটা বেয়া অভ্যাস, আৰু যাৰ এই বেয়া অভ্যাস আছে তাৰ কোনোদিন শান্তি নহয়, তাৰ লগতে যিমান কেইটা মানুহ জৰিত হৈ তেওলোকৰো শান্তি নহয় । মই আমাৰ সমাজত এনেকুৱা মানুহ দেখিছো, যি প্রায়ে প্রায়ে তাৰ ঘৰত অশান্তি থাকে, মাৰপিট, কাজিয়া এইবোৰ যেন তেওঁলোকৰ এটা নিয়মিয়া ৰোটিন । আজি আমি এই আর্টিকেলটোত কথা পাতিম নিজৰ খংঙক কেনেদৰে অতি সহজে নিয়ন্ত্রণ কৰিব ! সেই বাবে এই লিখনীটো সম্পূর্ণ পঢ়িব –
খঙত কৰা ব্যৱহাৰৰ দ্বাৰা এজন মানুহৰ শিক্ষা-সংস্কৃতি মানসিকতাৰ পৰিচয় পাব পাৰি । এজন লোকে নিৰ্মোহভাৱে বিচাৰ কৰি নিজক যদি খঙাল ব্যক্তিৰূপে বিবেচনা কৰে, তেন্তে সেই ব্যক্তিয়ে ক্লিনিকেল ট্ৰিটমেন্ট, কাউন্সেলিং, এংগাৰ থেৰাপী গ্ৰহণেৰে খং কমাব পাৰে । প্ৰাৰ্থনা, মেডিটেচনৰ দ্বাৰাও খং কমাবলৈ সক্ষম হ’ব পাৰে । ই মাথোঁ কেইদিনমানতে সম্ভৱ নহয় ।
প্ৰথমতে ছমাহ অভ্যাস কৰক । সেইবুলি সফল হৈছো বুলি ভাৱি এৰি নিদিব । খং কমোৱাব নোহোৱা কৰাৰ ক্ষমতা আটাইতকৈ ডাঙৰ বস্তু নিজৰ মনটো । মনতে যদি নিজক চিনি পাইছে, নিজে কি হোৱা উচিত বুলি ভাৱিব পাৰিছে, তেন্তে নিজকে শুদ্ধ কৰিব নোৱাৰা কথা হ‘বই নোৱাৰে । জীৱনৰ বাবেই দিনটোৰ দহ মিনিট সময় প্ৰাৰ্থনাৰ বাবে ৰাখক । ইও আত্মশুদ্ধিৰ প্ৰচেষ্টা । মস্তিষ্কৰ শিথিলতা, এপিলেপসি থাকিলে খঙাল হয় । খং মানসিক অসুস্থতাৰ এটা অংশ হ’ব পাৰে । সেইবাবে সাৱধান হোৱা উচিত ।
মনোবিদৰ মতে আৰু দুটি উপায়ে খং চম্ভালিব পাৰি । এটা Realization হ’ল অৰ্থাৎ আত্মকেন্দ্ৰিকতাৰ ভাব পৰিত্যাগ কৰি আনক বুজাৰ মহানতাৰ প্ৰয়োগ কৰা, আনটো Channelisation যোগেদি খঙৰ পৰিৱেশক ফুতে উৰুৱাই দি গঠনমূলক ভূমিকা পালন কৰাৰ দক্ষতা নিজৰ মাজত গঢ়ি তোলা ।
আৰু পঢ়ক-
- সঁচা প্রেম নে টাইম পাছ | জানক এই ৫ টা কথাৰে।
- দৰিদ্ৰ হ’ব নিবিছাৰে যদি আজিয়েই দূৰ কৰক এই কেইবিধ বস্তু।
তাকে নকৰি মহাভাৰতৰ আন এজন দুৰ্যোধন চৰিত্ৰৰ দৰে নিজক গঢ়ি ৰখা মানেতো ধ্বংসৰে নিজকে অশান্তিত ৰখা । জুইৰে জুই লগোৱা, খঙেৰে খং বঢ়োৱা একে কথা । একশ্ৰেণী মানুহে আনক খঙাল কৰি তোলাত বিশেষ ভূমিকা লয় । সেইসকলৰ চৰিত্ৰক বুজি নিজে আগতেই সাৱধান হোৱা উচিত । যিসকলৰ নিজা চিন্তা শক্তি আছে, সেইসকলৰ কাউন্সেলিঙে সোনকালে কাম দিয়ে ।
Good good