ধন বৃদ্ধি, ব্যৱসায়ত উন্নতি, বুধবাৰে এই ৭টা উপায়েৰে ভগৱান গণেশক পূজা কৰক !

( wealth increase money improvement worship god in these 7 ways on wednesday ) হিন্দু ধৰ্মত সপ্তাহৰ সাত দিনৰ বিশেষ তাৎপৰ্য্য আছে আৰু প্ৰতিটো দিন এজন দেৱতাৰ নামত উৎসৰ্গিত । সোমবাৰ যেনেদৰে শিৱৰ নামত, মঙলবাৰ হনুমানৰ নামত ঠিক তেনেদৰে বুধবাৰ ভগৱান গণেশৰ নামত উচৰ্গা কৰা হয় ।

বুধবাৰে যদি গণেশক সন্তুষ্ট কৰিব পৰা যায় তেন্তে তেওঁ বিশেষ আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয় । গণেশ জীয়ে ভক্তৰ জীৱনত কেতিয়াও ধন-সম্পত্তিৰ অভাৱ হ’বলৈ নিদি সকলো সপোন পূৰণ কৰে । গতিকে জানো আহক কি বিশেষ উপায় গ্ৰহণ কৰিলে আপুনি ভগৱান গণেশক সহজে সন্তুষ্ট কৰিব পাৰিব ।

ভগৱান গণেশক সন্তুষ্ট কৰাৰ ৭টা সহজ উপায় !

১) ভগৱান গণেশক সন্তুষ্ট কৰিবলৈ বুধবাৰে ব্ৰত ৰাখিব পাৰে । ব্ৰত ৰাখোতে ৰাতিপুৱাই উঠি স্নান কৰাৰ পিছত ঘৰত বা মন্দিৰত ভগৱান গণেশৰ পূজা কৰক ।

২) ভগৱান গণেশক পূজা কৰি থাকোঁতে তেওঁক সেউজীয়া দূবৰি বন আগবঢ়াবই দিব । ভগৱান গণেশৰ পূজাৰ বাবে দূবৰি বনক অতি শুভ বুলি গণ্য কৰা হয় ।

৩) গণেশক পূজা কৰাৰ পিছত বুধবাৰে নিশ্চিতভাৱে গণেশ চালিছা আবৃত্তি কৰক । গণেশ চলিছা আবৃত্তিৰ পিছতহে আপুনি সম্পূৰ্ণ পূজা কৰা বুলি গণ্য কৰা হ’ব ।

৪) বুধবাৰে গণপতি বাপ্পাক মগু দাইলৰ হালোৱা বা বুন্দিয়া লাড়ু, মোদক প্ৰসাদ হিচাপে আগবঢ়াই তাৰ পিছত প্ৰসাদ বিতৰণ কৰক । সন্ধিয়া এই প্ৰসাদ খাই ব্ৰত ভাঙিব ।

৫) ভগৱান গণেশক সন্তুষ্ট কৰিবলৈ বুধবাৰে গৰুক সেউজীয়া খাদ্য খুৱাব লাগে । এনে কৰিলে অতি শুভ আৰু উপকাৰী বুলি গণ্য কৰা হয় । সেয়েহে বুধবাৰে গৰুক সেউজীয়া খাদ্য খুৱাবলৈ চেষ্টা কৰক ।

৬) ভগৱান গণেশে ৰঙা ৰঙৰ সেন্দুৰ বৰ ভাল পায়, গতিকে পূজাৰ সময়ত ৰঙা ৰঙৰ সেন্দুৰ ব্যৱহাৰ কৰক । ভগৱান গণেশক ৰঙা ৰঙৰ তিলক লগাব লাগে ।

৭) একেৰাহে ৭টা বুধবাৰে গণেশ মন্দিৰলৈ গৈ গণপতি বাপ্পাক দৰ্শন কৰাৰ পাছত তেওঁক গুড়ৰ ভোগ আগবঢ়াওক ।

2 thoughts on “ধন বৃদ্ধি, ব্যৱসায়ত উন্নতি, বুধবাৰে এই ৭টা উপায়েৰে ভগৱান গণেশক পূজা কৰক !”

Leave a Comment