প্ৰধানমন্ত্ৰী আৱাস যোজনাত কি কি লাভ পাব ? আৰু কেনেকৈ আবেদন কৰিব চাওক !

WhatsApp Follow

একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে নৰেন্দ্ৰ মোডী। দেওবাৰে শপত গ্ৰহণ কৰাৰ পিছত সোমবাৰে প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হয় নতুন মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক। তাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অতিৰিক্ত ৩ কোটি ঘৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে।

২০১৫ চনত আৰম্ভ হৈছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে নিজৰ ঘৰ নথকা চহৰ-গাঁৱৰ দৰিদ্ৰ লোকৰ মূৰৰ ওপৰত চালিৰ ব্যৱস্থা কৰে। বিগত ১০ বছৰত ৪.২১ কোটি ঘৰ নিৰ্মাণ কৰা হৈছে। যদি কোনো এজনৰ নিজা ঘৰ নাথাকে আৰু আঁচনিৰ যোগ্যতাৰ মাপকাঠী পূৰণ কৰে তেন্তে তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব পাৰে।

আৱেদন কৰাৰ আগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত ঘৰ পোৱাৰ যোগ্যতা আৰু সুবিধাসমূহ জনাটো জৰুৰী। বৰ্তমান আৱাস যোজনা দুবিধ, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ (PMAY-G) আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া (PMAY-U)। এই আঁচনিখনে কেৱল প্ৰাপ্য দৰিদ্ৰ লোকক বাসগৃহৰ ব্যৱস্থা কৰাই নহয়, মাটিৰ মালিক আৰু ঘৰ নিৰ্মাণ কৰিব বিচৰাসকলকো আৰ্থিক সাহায্য প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত চৰকাৰে গৃহ ঋণৰ ৰাজসাহায্য প্ৰদান কৰে। ৰাজসাহায্যৰ পৰিমাণ ঘৰৰ আকাৰ আৰু আয়ৰ ওপৰত নিৰ্ভৰ কৰে। এই আঁচনিখনত বেংকে কম সুতৰ হোম লোন প্ৰদান কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত হোম লোন ২০ বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগিব।

যোগ্যতাঃ আঁচনিৰ সুবিধা লাভ কৰিবলৈ আবেদনকাৰীৰ বয়স ১৮ বছৰ বা তাতকৈ অধিক হ’ব লাগিব। লগতে আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগে। বাৰ্ষিক ১৮ লাখ টকা পৰ্যন্ত আয়ৰ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু ব্যক্তিজনৰ যদি এটা নিৰ্দিষ্ট ঘৰ থাকে তেন্তে তেওঁ এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰে। লগতে পৰিয়ালৰ কোনো সদস্য চৰকাৰী সেৱাত থাকিলে এই আঁচনিৰ সুবিধা লাভ কৰা নহ’ব। আবেদনৰ সময়ত পৰিচয় পত্ৰ, ঠিকনা প্ৰমাণ, আয়ৰ অনুপাত আৰু সম্পত্তিৰ নথি-পত্ৰ দিব লাগিব।

লগতে চাওক –

আবেদন পদ্ধতিঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাত অনলাইন আৰু অফলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ বাবে অফিচিয়েল ৱেবছাইট https://pmaymis.gov.in/ চাওক।

প্ৰথম পদক্ষেপ – প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইটলৈ যাওক – https://pmaymis.gov.in/।-

দ্বিতীয় পদক্ষেপ – হোমপেজলৈ গৈ ‘PM Awas Yojana’ বিকল্পত ক্লিক কৰক।

তৃতীয় পদক্ষেপ – প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক।

চতুৰ্থ পদক্ষেপ – সকলো নথিপত্ৰ শুদ্ধ নে নহয় পৰীক্ষা কৰি ‘Submit’ বিকল্পত ক্লিক কৰক।-অফলাইন আবেদন কৰিবলৈ আবেদনকাৰীয়ে ওচৰৰ সাধাৰণ সেৱা কেন্দ্ৰলৈ যাব লাগে।

Leave a Comment